‘পুৱাই খবৰটো পাইছো, ভবাই নাছিলো এনেকুৱা এটা ঘটনা হ’ব বুলি’


 

যোৱানিশা জখলাবন্ধাৰ সৰুভগীয়াত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যুক সাবটি লয় SI জোনমণি ৰাভাই। কণ্টেইনাৰ ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হয় জোনমণি ৰাভাৰ মাৰুতি বাহনৰ। নিশা নিজৰ মাৰুতি এছপ্ৰেছ’ বাহনখনেৰে উজনিলৈ গৈ থকাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা আহি থকা তীব্ৰবেগী UP 78 UT 4518 নম্বৰৰ কণ্টেইনাৰ ট্ৰাকত খুন্দা মাৰে জোনমণিৰ বাহনখনে। ফলত থিতাতে মৃত্যু হয় আৰক্ষী বিষয়াগৰাকীৰ।


দুৰ্ঘটনাৰ পিছতে জোনমণিৰ নশ্বৰদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। মৰণোত্তৰ পৰীক্ষাৰ অন্তত গুৱাহাটীৰ কাহিলীপাৰাস্থিত বাসগৃহলৈ অনা হ’ব জোনমণিৰ নশ্বৰদেহ। এই ঘটনাৰ পিছতে এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে জোনমণিৰ ঘৰখনত।

উল্লেখযোগ্য যে দেওৱাৰে মহানগৰীৰ ঘৰলৈ আহিছিল জোনমণি ৰাভা। সোমবাৰে পুৱা মাতৃক লগত লৈ জখলাবন্ধালৈ গৈছিল জোনমণি। জোনমণিৰ এই অকাল মৃত্যুত পৰিয়ালৰ লগতে মহানগৰীৰ দক্ষিণগাঁৱত শোকৰ ছাঁ পৰিছে।জোনমণিৰ এগৰাকী আত্মীয়ই কয়, ‘‘আমি পুৱাই খবৰটো পাইছো। মোৰ এতিয়াও বিশ্বাস হোৱা নাই। ভবাই নাছিলো এনেকুৱা এটা দুৰ্ঘটনা হ’ব বুলি। কালি পুৱা মাৰ সৈতে নগাঁৱলৈ গৈছে। বাকী মই একো গম নাপাওঁ। এতিয়াহে মানুহবোৰে কোৱাত কথাটো গম পাইছো।’’

Post a Comment

Previous Post Next Post