মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক অগাধ ভাল পোৱা এজন যুৱকে নিজৰ শৰীৰত অংকন কৰিলে ড° শৰ্মাৰ টেটু । মুখ্যমন্ত্ৰী ড° শৰ্মা নেতৃত্বাধীন চৰকাৰৰ দ্বিতীয় বৰ্ষপূতিত ডিব্ৰুগড়ৰ যুৱক মাধূৰ্য কলিতাই নিজৰ বুকুত ড° হিমন্ত বিশ্ব শৰ্মাৰ টেটু বনালে।
মুখ্যমন্ত্ৰী ড° শৰ্মাৰ দুবছৰীয়া কাৰ্যকাল প্ৰায় সম্পূৰ্ণ আৰু আজি বিজেপি চৰকাৰৰ অসমত দ্বিতীয় বৰ্ষপূতি । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ কামৰ প্ৰতি আকৃষ্ট হৈ নিজৰ বুকুত তেওঁৰ টেটু অংকন কৰিছে বুলি প্ৰকাশ কৰিছে লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত জকাই উলোম গাঁৱৰ মাধুৰ্য্য কলিতা নামৰ এই যুৱকজনে ৷ মাধুৰ্য্ এতিয়া আশাবাদী মুখ্যমন্ত্ৰীক এবাৰ লগ পাবলৈ ৷
