ৰিয়ান পৰাগে আজি গৃহ চহৰত খেলিব তেওঁৰ IPL কেৰিয়াৰৰ ৫০ সংখ্যক মেচ


 

আজি গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত হ'ব ৰ দ্বিতীয়খন মেচ। আজি আছে ৰাজস্থান ৰয়েলছ বনাম দেলহী কেপিটেলচৰ (Rajasthan Royals vs Delhi Capitals) উত্তেজনাময় মেচ। দেলহী কেপিটেলচে টছত জয় লাভ কৰি ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়।


উল্লেখযোগ্য যে, অসমৰ সুযোগ্য সন্তান ৰিয়ান পৰাগে (Riyan Parag) আজি ৰাজস্থান ৰয়েলছৰ হৈ দেলহী কেপিটেলচৰ বিৰুদ্ধে খেলিব। যোৱা বুধবাৰে পঞ্জাৱ কিংছৰ বিৰুদ্ধে হোৱা মেচখনত ১২টা বলত ২০ ৰান কৰে যদিও ৰিয়ানে আশানুৰূপ ফলাফল দেখুৱাব নোৱাৰিলে।আজি ৰিয়ান পৰাগে গৃহ চহৰত, বৰ্ষাপাৰা ষ্টেডিয়ামত খেলিব তেওঁৰ IPL কেৰিয়াৰৰ ৫০ সংখ্যক মেচ। আজি ৰিয়ানৰ ৫০ সংখ্যক মেচখনক লৈ যথেষ্ট আশাবাদী ৰাজস্থান ৰয়েলচ তথা ৰিয়ান পৰাগৰ অনুৰাগী।

Post a Comment

Previous Post Next Post