গুৱাহাটীৰ পানীখাইতিত ভয়ংকৰ বনজুই। পানীখাইতি ৰে'ল ষ্টেচন সমীপৰ জোনাকী নগৰৰ দাঁতিতে এই বনজুই লাগে। জুইৰ লেলিহান শিখাই আগুৰি ধৰিছে এটা বৃহৎ অঞ্চল, ইয়াকে কেন্দ্র কৰি সমগ্ৰ অঞ্চলটোত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে ( forest fire in Guwahati's Panikhaiti )।
উল্লেখ্য, জুই জ্বলি থকা স্থানৰ কাষতে আছে জোনাকী নগৰ নামে জনবসতিপূৰ্ণ এখন গাঁও। এই বনজুই ইতিমধ্যে জনবসতি পূৰ্ণ গাঁওখনৰ ওচৰ চাপিছে। যিকোনো মুহূৰ্ততে মানুহৰ বাসগৃহত অগ্নিসংযোগ হ'ব পাৰে। ঘটনা সন্দৰ্ভত অগ্নিনির্বাপক বাহিনীৰ লোকক খবৰ দিয়া হৈছে।