ডিব্ৰুগড়ৰ ডিকমত দুৰ্ঘটনাত নিহত তিনি মহিলাৰ পৰিয়াললৈ ২ লাখকৈ আৰ্থিক সাহায্য ঘোষণা



 ডিব্ৰুগড়ৰ ডিকমত পথ দুৰ্ঘটনাত নিহত তিনি মহিলাৰ পৰিয়াললৈ আৰ্থিক সাহায্য ঘোষণা। সোমবাৰে পথ দুৰ্ঘটনাত নিহত হৈছিল তিনিগৰাকী মহিলা। তাৰ পিছতে সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ। একাংশ ক্ষুব্ধ লোকে জ্বলাই দিছিল আৰক্ষীৰ এখন বাহন। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিবলগীয়াও হয়।


আজি মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা তিনি মহিলাৰ বাসগৃহত উপস্থিত হয় চাহ জনজাতি কল্যাণ মন্ত্ৰী সঞ্জয় কিষাণ। মন্ত্ৰীগৰাকীয়ে নিহত মহিলাকেইগৰাকীৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰাৰ লগতে ভুক্তভোগী পৰিয়ালকেইটাক ২ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে।

Post a Comment

Previous Post Next Post