গোৱালপাৰাৰ কৃষ্ণাইত আৰক্ষীৰ বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ


 

গোৱালপাৰাৰ কৃষ্ণাইত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰিছে। আৰক্ষীয়ে এক অভিযানত তালাচীৰ সময়ত এখন বাছত ১১৬২ ডাল জিলেটিন আৰু ৯৯৮ টা ডিটেনেটৰ জব্দ কৰে ৷ মেঘালয়ৰ খাচী পাহাৰৰ লুটুমবাৰী আৰু হাটশিঙিমাৰীলৈ যাত্ৰীবাহী বাছখন গৈ আছিল। ইতিমধ্যে এই বিস্ফোৰক সামগ্ৰীখিনি সৰবৰাহ কৰা এজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।


অৱশ্যে, এই সামগ্ৰীখিনি সৰবৰাহ কৰা লোকজন কোনো সংগঠনৰ লগত জৰিত নেকি সেই বিষয়ে আৰক্ষীয়ে কোনো তথ্য জানিব দিয়া নাই।

উল্লেখ্য যে,  এক গোপন সূত্ৰৰ খবৰৰ আধাৰত উক্ত অভিযান চলিছিল ৷ কৃষ্ণাই আৰক্ষী থানাত গ্ৰেপ্তাৰ হোৱা লোকজনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷ এই সামগ্ৰীখিনি উদ্ধাৰ হোৱা বাছখনৰ নাম “ৰাজধানী এক্সপ্ৰেছ” আৰু বাছখনৰ নম্বৰ হৈছে AS25AC 5475 ৷

এই বিস্ফোৰক সামগ্ৰী সৰবৰাহ কৰা লোকজন মেঘালয়ৰ পশ্চিম গাৰোপাহাৰৰ ৰাজাবালাৰ আব্দুল মালেক বুলি জানিব পৰা  গৈছে।

Post a Comment

Previous Post Next Post