পঞ্জাবৰ বাঠিণ্ডাস্থিত মিলিটেৰী ষ্টেচনত গুলীচালনাৰ ঘটনা (Punjab Firing Incident)। সেনাই কেণ্টনমেণ্ট এলেকাটো ছীল কৰি দিছে। সেনাৰ দক্ষিণ পশ্চিম কমাণ্ডে এক বিবৃতি জাৰি কৰি কয় যে বাঠিণ্ডাৰ মিলিটেৰী ষ্টেচনৰ ভিতৰত আজি পুৱা ৪.৩৫ বজাত গুলীচালনাৰ ঘটনা সংঘটিত হয়। বাঠিণ্ডা মিলিটেৰী ষ্টেচনৰ ভিতৰত হোৱা গুলীচালনাত চাৰিজন লোকৰ মৃত্যু হয়। ঘটনাস্থলীত সক্ৰিয় হৈ পৰিছে কুইক ৰেছপ’ণ্ডছ টীম (QRT)।
বাঠিণ্ডাৰ এএছপিয়ে সন্ত্ৰাসবাদী আক্ৰমণৰ কথা অস্বীকাৰ কৰিছে। আৰক্ষীয়ে এয়া পৰস্পৰৰ মাজত সংঘটিত সংঘৰ্ষ বুলি মন্তব্য কৰিছে। সূত্ৰ অনুসৰি, বৰ্তমান মিলিটেৰী ষ্টেচনৰ ভিতৰত আৰক্ষীকো যোৱাৰ অনুমতি প্ৰদান কৰা নাই।
উল্লেখযোগ্য যে বাঠিণ্ডা মিলিটেৰী ষ্টেচন বহু পুৰণি আৰু বৃহৎ মিলিটেৰী ষ্টেচন। পূৰ্বে এয়া চহৰৰ পৰা নিলগত আছিল যদিও চহৰৰ পৰিসৰ বিস্তাৰ কৰাত এতিয়া এই মিলিটেৰী ষ্টেচনটো আবাসিক এলেকাৰ কাষ চাপি আহিছে। সাধাৰণতে এই মিলিটেৰী ষ্টেচনৰ বাহিৰত কঠোৰ নিৰাপত্তা ব্যৱস্থা থাকে।
Tags:
National