উত্তৰ প্ৰদেশৰ গেংষ্টাৰ আতিক আহমেদ আৰু ভাতৃ আশ্ৰফক স্বাস্থ্য পৰীক্ষাৰ বাবে নিয়াৰ সময়তে গুলীয়াই হত্যা



 উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত শনিবাৰে নিশা আৰক্ষীৰ জিম্মাত স্বাস্থ্য পৰীক্ষাৰ বাবে ৰাহাত কলভিন হাস্পতাললৈ নিয়াৰ সময়তে মেডিকেল কলেজৰ সমীপত সংবাদকৰ্মীৰ ৰূপ লৈ অহা দুষ্কৃতিকাৰীয়ে গেংষ্টাৰ আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰাফক কেমেৰা আৰু আৰক্ষীৰ সমুখতে গুলীয়াই হত্যা কৰে। এই ঘটনাৰ পিছতে আৰক্ষীৰ লগতে প্ৰশাসনৰ মাজতো আলোড়নৰ সৃষ্টি হয়।


গুলীচালনাত এজন কনিষ্টবলো আহত হোৱাৰ খবৰ পোৱা গৈছে। উমেশ পাল হত্যাকাণ্ডৰ গোচৰত ৪ দিন ধৰি আৰক্ষীৰ জিম্মাত আছিল মাফিয়া আতিক আৰু তেওঁৰ ভাতৃ আশ্ৰাফ। শনিবাৰে তৃতীয় দিনা ধুমগঞ্জ আৰক্ষী থানাৰ লকআপত আবদ্ধ হৈ থকা আতিক আৰু আশ্ৰাফক অস্ত্ৰ সৰবৰাহ সন্দৰ্ভত ATSৰ দ্বাৰা জেৰা কৰা হয়। নিশা প্ৰায় ১০.৩০ বজাত দুয়োকে নিয়মীয়া চিকিৎসা পৰীক্ষাৰ বাবে কলভিন হাস্পতাললৈ লৈ যোৱা হৈছিল। হত্যাৰ কিছু মুহূৰ্ত পূৰ্বে দুয়োজন অভিযুক্ত, আতিক আৰু আশ্ৰাফে সংবাদ মাধ্যমৰ সৈতে কথা পাতি আছিল আৰু তেওঁলোকৰ হত্যাকাণ্ড কেমেৰাত বন্দী হৈছিল। সংবাদকৰ্মীৰ ৰূপত অহা দুস্কৃতিকাৰীয়ে বাইকত উঠি নিৰ্বিচাৰে গুলীচালনা কৰে।

আতিকৰ পুত্ৰ আছাদৰ অন্ত্যেষ্টিক্ৰিয়ালৈ নিয়াৰ ক্ষেত্ৰত কি ক'বলগীয়া আছে সেই সম্পৰ্কে সংবাদ মাধ্যমে সোধা প্ৰশ্নৰ উত্তৰত আতিক আহমেদে কৈছিল যে, "নেহী লে গয়ে টো নেহী গয়ে (তেওঁলোকে আমাক নিনিলে, গতিকে আমি যোৱা নাছিলো)"। মৃত্যুৰ পূৰ্বে এইখিনিয়ে আতিক আহমেদৰ শেষ কথা আছিল। তাৰপিছতে দুস্কৃতিকাৰীয়ে দুয়োৰে মূৰত কৰা গুলীত আতিক আৰু আশ্ৰফ ঢলি পৰে। দুয়োকে ততাতৈয়াকৈ স্বৰূপৰাণী নেহৰু চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁলোকক মৃত বুলি ঘোষণা কৰে।

উল্লেখযোগ্য যে, গুলীচালনাৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৩ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰে। ঘটনাস্থলীৰ পৰা উদ্ধাৰ হৈছে দুটা পিষ্টল আৰু ৬টা কিয়স্ক। ঘটনাৰ পিছতে সকলো থানাৰ আৰক্ষীক সতৰ্ক কৰি দিয়া হয়। তাৎপৰ্যপূৰ্ণভাৱে উমেশ পাল অপহৰণ গোচৰত এমপিএমএলএ আদালতে আতিকক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। আতিক আহমেদৰ বিৰুদ্ধে ১০০ৰো অধিক গোচৰ চলি আছে। ১০১টা গোচৰ পঞ্জীয়ন হোৱাৰ বিপৰীতে ৬৫টাতকৈ অধিক গোচৰ ৰুজু হৈছিল।

উল্লেখযোগ্য যে, ১৩ এপ্ৰিলত উত্তৰ প্ৰদেশৰ ঝান্সিত এক এনকাউণ্টাৰত আতিক আহমেদৰ পুত্ৰ আছাদ নিহত হোৱাৰ দুদিন পিছতে শনিবাৰে প্ৰয়াগৰাজত চিকিৎসাৰ বাবে নিয়াৰ সময়তে মাফিয়ালৈ পৰিণত হোৱা ৰাজনীতিবিদ আৰু তেওঁৰ ভাতৃ আশ্ৰাফ আহমেদক হত্যা কৰা হয়। প্ৰয়াগৰাজৰ উমেশ পাল হত্যাকাণ্ডৰ গোচৰত বিচাৰি থকা গুলামৰ সৈতে আছাদক হত্যা কৰা হৈছিল।

Post a Comment

Previous Post Next Post