হেঁপাহৰ ৰঙালী বিহুক এইবাৰ অতি উচাহৰ মাজেৰে আদৰিছে প্ৰতিগৰাকী অসমীয়াই। প্ৰতি বছৰৰ দৰে এইবাৰো অসমীয়াই উলহ-মালহেৰে উদযাপন কৰিছে ৰঙালী বিহু। ব'হাগৰ এই সুন্দৰ বতৰত ৰঙালীৰ ৰঙত মতলীয়া হৈছে প্ৰতিগৰাকী অসমীয়া।
আজি ব'হাগৰ ১ তাৰিখ। পৰম্পৰা অনুসৰি পহিলা ব'হাগত অসমবাসীয়ে মানুহ বিহু পালন কৰি আহিছে। আজি পুৱাই মাহ-হালধি সানি গা-পা ধুই গোঁসাইক সেৱা কৰি ৰাইজে বছৰটোলৈ ঘৰখনৰ কুশল মংগল কামনা কৰে। মানুহ বিহু দিনা কণিষ্ঠজনে জ্যেষ্ঠজনক চৰণ চুই সেৱা লয়। ইজনে সিজনক বিহুৱান যাচে। আৰু সকলোৱে একেলগে পিঠা-পনা আৰু জলপান খায়।
ঢোল, পেঁপা, গগণাৰ মাতেৰে চৌদিশ ৰজন-জনাইছে। হাতত জেতুকাৰ ৰং বুলাই জীয়ৰী বোৱাৰীহঁতেও পৰম্পৰা ৰক্ষাৰ লগতে এপাক নাচিবৰ বাবে সাজু হৈছে। ঢোল, পেঁপা, গগণাৰ মাতত মুখৰিত হৈ পৰিছে ৰাজ্য। ঘৰে ঘৰে গৈ হুঁচৰি মাৰিবলৈ, ঢোলৰ চাপৰত কঁকাল ঘূৰাই নাচিবলৈ সাজু হৈছে ডেকা–গাভৰুসকল। আনহাতে, ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত হৈছে ৰঙালীৰ ৰঙীন অনুষ্ঠান। বিহুৰ মঞ্চ কঁপাবলৈ সাজু হৈছে শিল্পীসকলো।
Tags:
National