অসমত আজি তিনিখন মেডিকেল কলেজ মুকলি হ’ল। দেশৰ প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেলী নলবাৰী মেডিকেল কলেজ মুকলি কৰিছে। ইয়াৰ সমান্তৰালকৈ নগাওঁ আৰু কোকৰাঝাৰ চিকিত্সা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে মুকলি কৰে। আজি ভাৰ্চুৱেলী উদ্ধোধনৰ পিছতেই চিকিৎসালয় কৰ্তৃপক্ষৰ লগতে নলবাৰীবাসী উৎফুল্লিত হৈ পৰিছে।
গৰু বিহুৰ দিনটোতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নলবাৰীৰ লগতে অসমলৈ উপহাৰ দিছে। ৰঙালী বিহুৰ দিনটোতে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ বাবে এইটো বিশেষ দিন হৈ ৰ’ব।
উল্লেখযোগ্য যে, উদ্ধোধনী অনুষ্ঠানৰ বাবে চিকিৎসালয়খনত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিছে। নলবাৰী জিলা প্ৰশাসন আৰু চিকিৎসালয় তৰফৰ পৰা অনুষ্ঠিত অনুষ্ঠানত জিলা উপায়ুক্ত গীতিমণি ফুকন, বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।
আজিৰ উদ্ধোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি বিহুৰ অনুষ্ঠান আয়োজন কৰে উদ্যোক্তাই। এই শুভক্ষণৰ অনুষ্ঠানৰ বাবে নলবাৰী মেডিকেল কলেজত যথেষ্ট লোকৰ সমাবেশ হয়।
নলবাৰীৰ দক্ষিণ গাওঁত ১৩২ বিঘা ভূমিত প্ৰায় ৬৫০ কোটি টকাৰে নিৰ্মাণ কৰি উলিওৱা মেডিকেল কলেজে পূৰ্ণতা পাইছে। ফেব্ৰুৱাৰী মাহৰ পৰা উক্ত চিকিৎসালয়খনত চিকিৎসা সেৱা চলি আছে। আনহাতে, ৫০০ বিচনা যুক্ত চিকিৎসালয় খনে মাৰ্চ মাহৰ ১৫ তাৰিখে ৰাষ্ট্ৰীয় আয়ু বিজ্ঞান আয়োগৰ পৰা স্বীকৃতি লাভ কৰিছিল।