কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ গুৰুফেলা আৰক্ষী চকীৰ অন্তৰ্গত পানবাৰীস্থিত ৰূপায়নী মন্দিৰৰ সমীপত নিশা ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বেয়া হোৱা চৈধ্য চকীয়া এখন ট্ৰাকত পিছফালৰ পৰা প্ৰচণ্ড জোৰেৰে আন এখন চৈধ্য চকীয়া ট্ৰাকে খুন্দা মাৰে।
উল্লেখ্য যে, ৰখাই থোৱা ট্ৰাকৰ নম্বৰ WB 57B 3022 আৰু আনখন ট্ৰাকৰ নম্বৰ হ’ল RJ 19 BB 1819। লগে লগে টাইলচ ভৰ্তি ট্ৰাকৰ মুৰ সোমাই পৰে আন এখন ট্ৰাকৰ পিচফালে।
এই ঘটনাত দুৰ্ঘটনাস্থলীতে RJ 19 BB 1819 নম্বৰৰ ট্ৰাকৰ ড্ৰাইভাৰ ফাৰুক খান আৰু হেণ্ডিমেনৰ অজিত খানৰ থিতাতে মৃত্যু হয়। ৰাতিয়ে ঘটনাস্থলীত গুৰুফেলা আৰক্ষী, কোকৰাঝাৰ SDRF বাহিনী, অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ উদ্ধাৰ কাৰ্য চলায়। বহু চেষ্টাৰ অন্ততঃ দিনৰ ভাগত SDRF বাহিনীয়ে মৃতদেহ দুটা উলিয়াবলৈ সক্ষম হয়। দুৰ্ঘটনাত নিহত হোৱা লোক দুজনৰ ঘৰ ৰাজস্থানৰ বাৰমেৰ জিলাত বুলি জানিব পৰা গৈছে।
আনহাতে, গুৰুফেলা আৰক্ষীয়ে নিশা নিয়মীয়া টহল দি থকা সময়ত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত এখন ট্ৰাক ৰখাই থোৱা দেখা পাই বেয়া হোৱা ট্ৰাকৰ সন্মুখভাগত গুৰুফেলা আৰক্ষীৰ গাড়ী ৰখাই সোধ পোছ কৰি থকা সময়ত হঠাতে পিছফালৰ পৰা আন এখন ট্ৰাকে খুন্দা মাৰে। এই দুৰ্ঘটনাত বেয়া হোৱা ট্ৰাকখন আগুৱাই যোৱাত গুৰুফেলা আৰক্ষীৰ বাহন ক্ষতিগ্ৰস্ত হোৱাৰ লগতে দুজন গৃহৰক্ষী বাহিনীৰ জোৱান আহত হয়। আহত গৃহৰক্ষী বাহিনীৰ জোৱান দুজন হ’ল শ্যামখোৰ মুছাহাৰী আৰু বীৰবল মুছাহাৰী।
উল্লেখ্য যে, অসম–বংগ সীমান্ত গোসাইগাঁৱৰ শিমুলটাপুৰৰ পৰা কচুগাঁৱলৈ ৩০ কিলোমিটাৰ পথৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাম সম্পূৰ্ণ নোহোৱাত দীৰ্ঘদিন ধৰি one way ৰে যান বাহন চলাচল কৰিব লগা হৈছে। এতিয়াও দহখন দলং অৰ্ধনিৰ্মিত হৈ আছে। প্ৰতিদিনে লক্ষ্যাধিক যানবাহন চলাচল কৰা ৰাষ্ট্ৰীয় ঘাইপথখনত যানজটৰ সৃষ্টি হৈ থাকে। যাৰবাবে পথ দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে। এনেদৰে প্ৰতিদিনে পথ দুৰ্ঘটনা সংঘটিত হৈ বহুলোক ধন জনৰ ক্ষতিৰ সন্মুখীন হৈছে। ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ দায়িত্বত থকা কম্পানীয়ে নিৰ্ধাৰিত সময়ত কাম সম্পূৰ্ণ নকৰাত এনেদৰে প্ৰতিদিনে দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ ৰাইজে উত্থাপন কৰিছে।