বিজেপিত ক্ষমতাৰ বিকেন্দ্ৰীকৰণ ! উজনি অসমক লৈ বিজেপিৰ ব্লুপ্ৰিণ্ট

 


১১ এপ্ৰিলত অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ ৷ উজনি অসমত সংগঠন অধিক শক্তিশালী কৰিবলৈ ডিব্ৰুগড়ত বিজেপিয়ে নিৰ্মাণ কৰিব মাণ্ডলিক কাৰ্যালয় ৷ ক্ষমতা বিকেন্দ্ৰীকৰণৰ বাবে বিজেপিয়ে ভৱিষ্যতে বৰাকতো নিৰ্মাণ কৰিব জ'নেল অফিচ ৷


পঞ্চায়তীৰাজত ক্ষমতাৰ বিকেন্দ্ৰীকৰণ শুনিছে ৷ এইবাৰ বিজিপতো হ'ব ক্ষমতাৰ বিকেন্দ্ৰীকৰণ ৷ সাংগঠনিক দিশত বিকেন্দ্ৰীকৰণ কৰিব দলটোৱে ৷ ১৯৮০চনৰ পৰা কুচকাৱাজ চলাই চলাই ২০১৬চনত সুদীৰ্ঘ ৩৬বছৰৰ পিছত অসমত শাসনলৈ আহিছিল বিজেপি ৷ শাসনৰ প্ৰথমটো কাৰ্যকালতে বিজেপিয়ে গুৰুত্ব দিছিল কাৰ্যালয় নিৰ্মাণত ৷ এইবাৰ দ্বিতীয়টো শাসনকাৰ্যত বিজেপিয়ে লক্ষ্য কৰি লৈছে উজনি অসমক ৷ কংগ্ৰেছৰ ভোট বেংকত খহনীয়া আনি অধিকাংশ আহোম নেতা আৰু চাহ জনগোষ্ঠীয় নেতাক হাতত ৰখা বিজেপিয়ে অধিক শক্তিশালী কৰিব বিচাৰিছে উজনি অসমৰ সংগঠনৰ ভেটি ৷ যাৰ বাবে ডিব্ৰুগড়ত বিজেপিৰ মাণ্ডলিক কাৰ্যালয়ৰ ভূমি পূজনৰ বাবে আহি আছে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ৷

"১১এপ্ৰিলত হ'ব ডিব্ৰুগড়ত ভূমি পূজন ৷ আমি এটা নতুন ধাৰণা লৈ ডিব্ৰুগড়ত কাৰ্যালয়টো নিৰ্মাণ কৰিবলৈ লৈছো ৷ সংগঠনৰ ক্ষেত্ৰত আমাৰ যথেষ্ট সুবিধা হ'ব ৷ উজনি অসমৰ ডিব্ৰুগড়, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, তিনিচুকীয়া আদি জিলাক সামৰি মাণ্ডলিক কাৰ্যালয়ৰ ভূমি পূজনৰ লগতে লোকসভা নিৰ্বাচন কেন্দ্ৰীক জনসভা এখনতো ভাগ ল'ব অমিত শ্বাহে ৷"—এইদৰে কয় বিজেপিৰ কোষাধ্যক্ষ ৰাজকুমাৰ শৰ্মাই।এটা কথা ঠিক যে, বিজেপিয়ে উজনি অসমৰ খোপনি এৰিব বিচৰা নাই ৷ দেৱব্ৰত শইকীয়াক বাদ দি কংগ্ৰেছত ক্ৰমান্বয়ে শক্তিশালী নেতা কমি অহাৰ সুযোগ লৈ অধিক শক্তিশালী ৰূপত সংগঠন সুদৃঢ় কৰিব বিচাৰিছে বিজেপিয়ে ৷ একেধাৰে ডিব্ৰুগড়ত আন এটা কাৰ্যালয় হ'লে, বিজেপিয়ে লগত ৰখাত সহজ হ'ব চাহ জনগোষ্ঠীয় লোকসকলকো ৷ জানিব পৰা মতে, দলটোৱে পৰৱৰ্তী পৰ্যায়ত বৰাকতো নিৰ্মাণ কৰিব আন এক মাণ্ডলিক কাৰ্যালয় ৷

Post a Comment

Previous Post Next Post