১৩টা আঞ্চলিক ভাষাত অনুষ্ঠিত হ’ব কেন্দ্ৰীয় সশস্ত্ৰ পুলিচ বাহিনীৰ নিয়োগ পৰীক্ষা


 

অসমীয়া ভাষাত কেন্দ্ৰীয় সশস্ত্ৰ পুলিচ বাহিনীত নিয়োগ পৰীক্ষা অনুষ্ঠিত হ’ব। ১ জানুৱাৰী ২০২৪ৰ পৰা কাৰ্যকৰী হোৱাকৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এই নিৰ্দেশ জাৰি কৰিছে। CAPFৰ কনিষ্টবলৰ নিয়োগত এই ব্যৱস্থা গ্ৰহণ কৰা হ’ব।


MHAএ হিন্দী আৰু ইংৰাজীৰ উপৰিও ১৩টা আঞ্চলিক ভাষাত CAPFৰ বাবে কনিষ্টবল (সাধাৰণ কৰ্তব্য) পৰীক্ষা অনুষ্ঠিত কৰিবলৈ অনুমোদন জনাইছে। অসমীয়াৰ লগতে বাংলা, গুজৰাটী, মাৰাঠী, তামিল, তেলেগু, মালায়ালম, কানাড়া, ওড়িয়া, উৰ্দু, পঞ্জাবী, মণিপুৰী আৰু কনকনিত এই পৰীক্ষা অনুষ্ঠিত হ’ব।

এই সন্দৰ্ভত Staff Selection Commission (SSC) আৰু গৃহ মন্ত্ৰণালয়ৰ মাজত এখন বুজাবুজি চুক্তি স্বাক্ষৰ হ’ব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, SSCয়ে CAPFত নিযুক্তিৰ পৰীক্ষা অনুষ্ঠিত কৰে।

Post a Comment

Previous Post Next Post