পূৰ্বৰ দৰে নহ'লেও এক নতুন ৰূপত কিছু কম পৰিসৰত যোৰহাটৰ পুৰণা বাছষ্টেণ্ডৰ সমীপত স্থাপন কৰা হ'ল চ'ক বজাৰ । এক আকস্মিক দুৰ্ঘটনাত সৰ্বস্ৰান্ত হৈছিল চক বজাৰৰ বহুকেইজন ব্যৱসায়ী । ব্যৱসায়িক প্ৰতিষ্ঠান, কোটি টকাৰ সামগ্ৰী জ্বলি ভষ্মীভূত হোৱাৰ লগতে ছাই হৈ গৈছিল বহু ব্যৱসায়ীৰ সপোন ।
প্ৰতিটো উৎসৱ পাৰ্বণতেই যোৰহাটৰ লগতে দাতিকাষৰীয়া ঠাইৰ লোকসকলৰ প্ৰথম বাচনি আছিল চক বজাৰখন । চৰকাৰৰ চেষ্টা আৰু যথোপযুক্ত ব্যৱস্থা গ্ৰহণৰ ফলত যোৰহাটৰ পুৰণা বাছষ্টেণ্ডৰ সমীপত স্থাপন কৰা হ'ল চক বজাৰ । ঈদ আৰু বিহুৰ বাবে অস্থায়ীকৈ নিৰ্মাণ কৰি দিয়া হৈছিল বজাৰখন । ব্যৱসায়ীসকলক সকাহ প্ৰদান কৰি পূৰ্বৰ দৰেই নতুন চক বজাৰখনত দেখা গ'ল গ্ৰাহকৰ ভিৰ ।
আজিও গ্ৰাহকসকলৰ মাজত হ্ৰাস পোৱা নাই চক বজাৰৰ ব্যাপক জনপ্ৰিয়তা । যোৰহাটবাসী ৰাইজৰ প্ৰিয় চক বজাৰখনত গ্ৰাহকৰ ভিৰ দেখি এতিয়া যথেষ্ট উৎফুল্লিত বিক্ৰেতাসকল । তথাপি চক বজাৰখন নতুনকৈ স্থানান্তৰ কৰা ঠাইখিনি বজাৰ সাপেক্ষে যথেষ্ট সৰু হোৱাৰ বাবে কিছু অসুবিধাৰো সন্মুখীন হৈছে গ্ৰাহক আৰু বিক্ৰেতা ।অনাগত দিনত প্ৰশাসনে এইক্ষেত্ৰতো যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি গ্ৰাহক আৰু দোকানীসকলক সকাহ প্ৰদান কৰিব বুলি আশাবাদী ৰাইজ ।