নলবাৰীৰ লগতে নামনি অসমৰ ভিন্ন প্ৰান্তৰ বজাৰত বিহুৰ বতৰত এতিয়া উপলব্ধ আমেৰিকাৰ দৈ । আপুনি হয়তো ভাবিছে এই দৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা আমদানি কৰা হৈছে ! কিন্তু নহয়, নলবাৰী জিলাৰ টিহু ৰাজহ চক্ৰৰ অন্তৰ্গত শিয়ালমাৰী গাঁৱৰ এটা অঞ্চল ৷ নাম- আমেৰিকাৰ চ'ক ৷ এই আমেৰিকাৰ চ'কতে আছে শান্তিৰাম দধি ভাণ্ডাৰ ৷ অতি জনপ্ৰিয় এই শান্তিৰাম দধি ভাণ্ডাৰৰ দৈ ৷
নলবাৰীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে এই দৈয়ে । ৰঙালী বিহুৰ এই সময়ত আমেৰিকা চ'কৰ শান্তিৰাম দধি ভাণ্ডাৰৰ পৰা বিভিন্নজনে ক্ৰয় কৰিছে খাটি ম'হৰ গাখীৰৰ দৈ । আমেৰিকাৰ চ'কৰ দৈৰ কথাই সুকীয়া ! সতেন্দ্ৰ ৰাজবংশীৰ পৰিয়ালে বিগত প্ৰায় ৫০ বছৰে দৈৰ উৎপাদনৰ সৈতে জড়িত হৈ আছে ।
এই দোকানখনৰ পৰা নলবাৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰলৈ দৈ যোগান ধৰি আহিছে সতেন্দ্ৰ ৰাজবংশীয়ে । এবাৰ আমৰিকা চ'কৰ এঠা দৈৰ সোৱাদ ল'বলৈ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা গ্ৰাহকে দৈ ক্ৰয় কৰিবলৈ আহে বুলি জানিবলৈ দিয়ে বিপণিখনৰ গৰাকীয়ে ।এইবাৰো লক্ষাধিক টকাৰ দৈ বিক্ৰী হোৱা বুলি জানিবলৈ দিয়ে সতেন্দ্ৰ ৰাজবংশীয়ে ।