গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰি বিশ্ব অভিলেখ গঢ়াৰ বাবে ১৪ এপ্ৰিলত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত হ'বলগীয়া বিহু প্ৰদৰ্শনৰ বাবে যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত বিহুনৃত্য শিল্পীৰ বাচনি প্ৰক্ৰিয়া ইতিমধ্যে সম্পন্ন হৈছে। এই উদ্দেশ্যৰ অংশ স্বৰূপে যোৰহাট জিলাৰ পৰা অংশগ্ৰহণ কৰিবলগীয়া বিহুৱা-বিহুৱতীসকলৰ বাবে যোৰহাট ষ্টেডিয়ামত হোৱা আজি সামৰণি অনুষ্ঠানত অসম চৰকাৰৰ বিত্তমন্ত্ৰী তথা যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগ উপস্থিত থাকি সকলোকে উৎসাহিত কৰে ৷
সামৰণি অনুষ্ঠানত বিহুৱা-বিহুৱতী তথা বিহুনৃত্য শিল্পীসকলৰ উদ্দেশ্যে দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে সকলোকে সুন্দৰভাবে অংশগ্ৰহণ কৰি বিশ্ব অভিলেখৰ এই যাত্ৰাত জয়লাভ কৰিবলৈ আহ্বান জনায় ৷ বিহুক পৰ্যটনৰ উদ্যোগ হিচাপে গঢি তোলাৰ ক্ষেত্ৰতো এই অনুষ্ঠানে এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি মন্ত্ৰীগৰাকীয়ে ভাষণত কয়।
উক্ত সামৰণি কাৰ্যসূচীত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাৰ লগতে যোৰহাট, মৰিয়নী, তিতাবৰ বিধানসভা সমষ্টিৰ বিধায়কসকল ক্ৰমে হিতেন্দ্ৰ নাথ গোস্বামী, ৰূপজ্যোতি কুৰ্মী আৰু ভাস্কৰ বৰুৱাইও ভাষণ প্ৰদান কৰে । ইয়াৰ পূৰ্বে জিলা প্ৰশাসনৰ ‘‘মৰমৰ যোৰহাট’’ পৰিকল্পনাৰ শীৰ্ষক এটা থিম চং মুকলি কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে।এই কাৰ্যসুচীত আদৰণি ভাষণ প্ৰদান কৰি উপায়ুক্ত পুলক মহন্তই অসম চৰকাৰৰ এই সুন্দৰ পদক্ষেপক আদৰণি জনোৱাৰ লগতে উপস্থিত থকা বিহুৱা বিহুৱতী সকলক এই কাৰ্যসূচী সফল কৰি যোৰহাটৰ লগতে সমগ্ৰ ৰাজ্যৰ নাম উজ্বলাবলৈ আহ্বান জনায় ৷ এইক্ষেত্ৰত উপায়ুক্ত গৰাকীয়ে সকলোৰে সহায় সহযোগিতাও বিচাৰে ৷ উল্লেখ্য যে, আৰম্ভণিতে জিলা প্ৰশাসনৰ ফালৰ পৰা ১৫ গৰাকী মাষ্টাৰ প্ৰশিক্ষক, থিম চঙৰ গায়ক গায়িকাসকল আৰু Expert Committee ৰ সদস্যসকলক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।
যোৰহাটত এই প্ৰশিক্ষণ কাৰ্যসূচী যোৱা ৩১ মাৰ্চলৈকে অনুষ্ঠিত কৰা হৈছিল ৷ আজিৰ কাৰ্যসূচীত দেৰগাঁও সমষ্টিৰ বিধায়ক ভবেন্দ্ৰ নাথ ভৰালী ,আৰক্ষী অধীক্ষক মোহনলাল মীনা,পৌৰপতি লখিমী খাৰঘৰীয়া, জিলা পৰিষদৰ সভাপতি ৰঞ্জন শইকীয়া,জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া প্ৰনৱ বৰা, জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকল, প্ৰশিক্ষকসকলৰ লগতে বহু কেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে।