খেলাৰ সময়ত ক্ৰিকেটাৰসকলে কিয় ছুইংগাম চোবাই? ষ্টাইল নে আন কাৰণ?


 

ক্ৰিকেট খেলপথাৰত আমি বেছিভাগ সময়তে খেলুৱৈসকলক চকলেট বা ছুইংগাম চোবাই থকা দেখিবলৈ পাওঁ। কেৱল ক্ৰিকেটাৰেই নহয়, আন বহু খেলৰ খেলুৱৈয়েও আজিকালি ছুইংগাম চোবাই থকা দেখা যায়। কিন্তু খেলাৰ সময়ত ছুইংগাম চোবাই থকাৰ কাৰণ সম্পৰ্কে বহুতেই নাজানে। বহুতে এয়া ষ্টাইল বুলি ভাবিলেও ইয়াৰ আঁৰত আছে বৈজ্ঞানিক কাৰণ।চাপৰ মাজত খেলুৱৈসকলক শান্ত কৰি ৰখাত সহায় কৰে ছুইংগামে, এয়া বৈজ্ঞানিকভাৱে প্ৰমাণিত। এজন বেটছমেনে ১৪০ কিলোমিটাৰ প্ৰতি ঘণ্টাৰ গতিবেগৰ বলৰ সন্মুখীন হয় বা ফিল্ডাৰে কেচৰ বাবে অপেক্ষা কৰে, ক্ৰিকেট এনে এক খেল য’ত খেলুৱৈয়ে শান্ত আৰু স্বাচ্ছন্দ্যত থাকিব লাগে। ছুইংগাম এজন খেলুৱৈৰ প্ৰদৰ্শনত সহায় কৰাৰ বাবে ছাইকোজেনিক টুল হিচাপে ব্যৱহাৰ কৰা হয়।

ইমান সময় খেলপথাৰত থিয় হৈ ডিহাইড্ৰেচন হ’ব পাৰে, বিশেষকৈ ভাৰতৰ দৰে গৰম জলবায়ুত। ছুইংগামে আপোনাক হাইড্ৰেটেড কৰি ৰখাত সহায় কৰিব পাৰে। যদিও ছুইংগামে শৰীৰত পানীৰ পৰিমাণ নবঢ়ায়, কিন্তু ইয়াক চোবাই খোৱাৰ ফলত বেছি লেলাৱতি বাহিৰ হয়। ফলত আপুনি সাধাৰণতকৈ বেছি পিয়াহ অনুভৱ কৰিব পাৰে। ফলত খেলুৱৈয়ে অধিক পানী খায়।


ক্ৰিকেট মেচৰ সময় খুব দীৰ্ঘ হ’ব পাৰে আৰু কোনোৱে সহজতে মনোযোগ হেৰুৱাব পাৰে। ছুইংগামে মনক একাগ্ৰ কৰি ৰাখি অন্যমনস্কতা দূৰ কৰিব পাৰে।ই আপোনাৰ ৰিফ্লেক্স গতিত ইতিবাচক প্ৰভাৱ পেলাব পাৰে। এখ বৈজ্ঞানিক গৱেষণাত দেখা গৈছে যে ছুইংগামে সতৰ্কতাৰ মাত্ৰা উন্নত কৰাত সহায় কৰে আৰু স্নায়ুতন্ত্ৰক শৰীৰৰ বাকী অংশলৈ দ্ৰুত বাৰ্তা প্ৰেৰণত সক্ষম কৰে।ছুইংগামত গ্লুক’জ থাকে যিয়ে দুৰ্দান্ত ৰিভাইটালাইজাৰ! যেতিয়া খেলুৱৈৰ শক্তি কম হয় বা ভাগৰুৱা অনুভৱ হয় তেতিয়া ই কামত আহে। ফলত কেৱল ষ্টাইলৰ বাবেই নহয়, এই সকলোবোৰ কাৰণতে ছুইংগাম খেলুৱৈয়ে চোবাই খায়।

Post a Comment

Previous Post Next Post