‘‘হাগ্ৰামাই চিণ্ডিকেট চলাব নোৱাৰা বাবে ৰাতি টোপনি নহা হৈছে’’ – প্ৰমোদ বড়ো



 বিটিআৰত হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োৰ বাকযুদ্ধ অব্যাহত আছে ৷ এইবাৰ হাগ্ৰামা মহিলাৰীক প্ৰমোদ বড়োৱে উভতি ধৰিছে ৷


শ্ৰীৰামপুৰত চিণ্ডিকেট চলোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে কয়, ‘‘হাগ্ৰামা মহিলাৰীৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে, মই তেখেতক ভাল পাওঁ। তেওঁ মোৰ প্ৰতি সৰৱ হৈ পৰিছে বাবে ভাল লাগিছে ৷ কাৰণ মই সাধু-সন্ত নহয়। সাধু-সন্ত মানুহে ৰাজনীতি কৰিব নোৱাৰে। মই শ্ৰীৰামপুৰত চিণ্ডিকেট চলোৱা বুলি তেওঁ কয়। কিন্তু এদিন একেলগে যাম তাত তেতিয়া ওলাই পৰিব কোনে কি কৰি আছে। ৰাইজে আমাক ৰাইজৰ সেৱা কৰিবলৈ সুবিধা কৰি দিছে। আমি ৰাইজৰ মাজত থিয় হৈ ৰাইজৰ হকে কাম কৰি আছো। চিণ্ডিকেট কৰিবলৈ মোৰ সময় নাই।’’ বাক্সা জিলাৰ সুৱণখাটাত অনুষ্ঠিত উত্তৰ আঞ্চলিক পাগলাদিয়া দং-বান্ধ কমিটিৰ এখন সভাত অংশগ্ৰহণ কৰি এনেদৰে মন্তব্য কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে।

তেওঁ কয় যে, ‘‘হাগ্ৰামাৰ দিনতে শ্ৰীৰামপুৰত চিণ্ডিকেট ৰাজ চলিছিল ৷ কোনে কৰিছিল সেইবোৰ তালিকা আমাৰ হাতত আছে ৷ এই বিষয়ে এতিয়া আমাক জোকাই লাভ নাই ৷ বৰ্তমান ড৹ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত কোনো চিণ্ডিকেট নাই ৷ সকলোবোৰ চিণ্ডিকেট বন্ধ কৰি দিয়া হৈছে ৷ হাগ্ৰামাৰ দিনতে চলিছিল ৷ এতিয়া তেওঁৰ চৰকাৰ নাই বাবে টোপনি নহা হৈছে ৷ চৰকাৰ থাকিলে কৰিব পাৰিলেহেঁতেন ৷ নোৱাৰা বাবে ৰাজহুৱা ভাৱে কথাবোৰ কৈ ফুৰে ৷’’আনহাতে, হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিটিচি পৰিষদত সংঘটিত দুৰ্নীতি সন্দৰ্ভত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে কয়, ‘‘মই আৰক্ষী নহয় যে হাগ্ৰামাক গ্ৰেপ্তাৰ কৰিব পাৰিম ৷ সকলোবোৰ নীতি- নিয়ম অনুসৰি হ’ব ৷ কাৰণ বহু ডাঙৰ ডাঙৰ নেতা- কৰ্মীও জেললৈ গৈছে ৷ গতিকে সকলোবোৰ প্ৰক্ৰিয়া মতে হ’ব ৷ ভাল কৰিলে ভাল ফল পাব আৰু বেয়া কাম কৰিলে বেয়া ফল লাভ কৰিব ৷’’  ইফালে বিটিআৰত চলি থকা মাটিবাৰী সম্পৰ্কীয় বিতৰ্ক সন্দৰ্ভতো প্ৰমোদ বড়োৱে গুৰুত্বপূৰ্ণ মন্তব্য দি কয় যে আশী শতাংশ মাটি–বাৰীৰ সমস্যান সমাধান হ’ব।

Post a Comment

Previous Post Next Post