শিলচৰ মেডিকেল কলেজত নিশা তীব্র উত্তেজনা৷ গৰ্ভৱতী মহিলাক আক্ৰমণ কনিষ্ঠ চিকিৎসকৰ৷ ঘটনাক কেন্দ্ৰ কৰি ৰোগীৰ আত্মীয় আৰু কনিষ্ঠ চিকিৎসকৰ দলৰ মাজত তুমুল হতাহতি৷ ঘটনাক লৈ আটক কৰা হয় এজন কনিষ্ঠ চিকিৎসকক।
ঘটনাৰ বিৱৰণী মতে, নিশা শিলচৰ মেডিকেল কলেজত এগৰাকী কনিষ্ঠ চিকিৎসকে গৰ্ভৱতী মহিলাসহ পৰিয়ালৰ লোকসকলক আক্ৰমণ কৰাক লৈ মেডিকেল কলেজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷
অভিযোগ মতে, এগৰাকী গৰ্ভৱতী মহিলাক গম্ভীৰ অৱস্থাত শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰোৱাত কনিষ্ঠ চিকিৎসকসকলে প্ৰসূতিগৰাকীক বিছনাৰ পৰিৱৰ্তে মজিয়াত শুৱাই ৰাখে আৰু ৰোগীৰ লগত থকা পৰিয়ালৰ লোকসকলক ৰোগীৰ কাষৰ পৰা খেদি পঠায়। ইয়াকে লৈ ৰোগীৰ পৰিয়ালে আপত্তি কৰিলত কনিষ্ঠ চিকিৎসকৰ দলে গৰ্ভৱতী মহিলাসহ পৰিয়ালৰ লোকসকলক আক্ৰমণ কৰে৷
আনকি দলবদ্ধভাৱে কনিষ্ঠ চিকিৎসকৰ দলে গৰ্ভৱতী মহিলাগৰাকীকো মাৰপিট কৰি মেডিকেলৰ পৰা উলিয়াই দিয়ে৷ এই ঘটনাৰ পিছত ৰোগীৰ আত্মীয়সকল মেডিকেল কলেজত উপস্থিত হোৱাত পৰিস্থিতি আৰু উত্তপ্ত হৈ উঠে। কনিষ্ঠ চিকিৎসক আৰু ৰোগীৰ আত্মীয়ৰ মাজত আৰম্ভ হয় হতাহতি৷
হাতে হাতে অস্ত্ৰ লৈ ৰোগীৰ আত্মীয়ক আক্ৰমণ কৰাৰ বাবে উপস্থিত হয় গুণ্ডা ৰূপী কনিষ্ঠ চিকিৎসকৰ দল৷ পিছে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে এজন কনিষ্ঠ চিকিৎসকক আটক কৰি থানালৈ যায়৷ ঘটনাক লৈ এতিয়াও মেডিকেল কলেজত চেপা উত্তেজনা বিৰাজ কৰি আছে৷