যোৰহাটৰ স্বাস্থ্যখণ্ডত সংঘটিত হৈ আহিছে ভয়ংকৰ অনিয়মৰ ঘটনা


 

যোৰহাট নগৰ তথা ইয়াৰ সমীপৱৰ্তী অঞ্চলসমূহৰ অধিকাংশ লোকেই যোৰহাটৰ চিনামৰা চাহ বাগিচাত থকা এটা অত্যাধুনিক লেবৰেটৰী য'ত ৰোগীৰ বহু পৰীক্ষা বিনামূলীয়াকৈ কৰা হয় সেই সন্দৰ্ভত অজ্ঞাত। ইয়াৰ বিপৰীতে যোৰহাটৰ চৰকাৰী স্বাস্থ্য কেন্দ্ৰত ৰোগীক চিকিৎসকে প্ৰদান কৰা বিধান অনুসৰি ৰক্ত পৰীক্ষা কৰোৱাবলৈ তেজৰ নমুনা ব্যক্তিগত লেবৰেটৰীলৈ প্ৰেৰণ কৰি অহাৰ তথ্য পোহৰলৈ আহিছে ।


অসম চৰকাৰৰ স্বাস্থ্য বিভাগে এইছ এল এল লাইফকেয়াৰ লিমিটেডৰ সহযোগত যোৰহাটৰ চিনামৰা চাহ বাগিচা, টীয়ক এফআৰইউ আৰু তিতাবৰ এফআৰইউত তিনিটা উন্নত মানদণ্ডৰ আধুনিক লেবৰেটৰী স্থাপন কৰিছিল। মুখ্যমন্ত্ৰীৰ বিনামূলীয়া ৰোগ নিৰ্ণায়ক সেৱা নামেৰে পৰিচিত এই লেবৰেটৰীসমূহত ৰোগীৰ ৫৬ বিধ ৰোগ নিৰ্ণায়ক পৰীক্ষা কৰিব পাৰি। সচৰাচৰ কৰিব লগা প্ৰায়বোৰ পৰীক্ষাই এই তালিকাৰ ভিতৰত অন্তৰ্ভুক্ত আছে।

কিন্তু বহু লোকেই চৰকাৰৰ এই সুবিধাৰ বিষয়ে জ্ঞাত নহয়। যোৰহাটৰ বাঘচোং পিএইছচিত ৰোগীৰ এই অজ্ঞতাৰ সুযোগ লৈ একাংশ স্বাস্থ্যকৰ্মীয়ে ব্যক্তিগত লেবৰেটৰীৰ সৈতে মিলি এক ব্যৱসায় চলাই আহিছে। বাঘচোং পিএইছচিলৈ চিকিৎসাৰ বাবে যোৱা বহু ৰোগীৰ বিভিন্ন ৰক্ত পৰীক্ষাৰ বাবে তেজ সংগ্ৰহ কৰি সেয়া নগৰৰ ব্যক্তিগত লেবৰেটৰীলৈ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি আহিছে। ব্যক্তিগত লেবৰেটৰীৰ এজেন্ট ৰূপে কাম কৰা বাঘচোং পিএইছচিৰ চৰকাৰী কৰ্মচাৰীয়ে এই পৰীক্ষাসমূহৰ বাবে ৰোগীৰ পৰা অধিক পৰিমাণৰ ধন সংগ্ৰহ কৰি আহিছে বুলি জানিব পৰা গৈছে। গ্ৰাম্যাঞ্চলৰ পৰা বিনামূলীয়াকৈ পৰীক্ষা কৰাবলৈ অহা বহু ৰোগী ধনৰ অভাৱত চিকিৎসা কেন্দ্ৰটোৰ পৰা উভতি যাব লগা হৈছে। কিন্তু এই সকলোবোৰ দেখি শুনিও যেন মৌন হৈ আছে স্বাস্থ্যকেন্দ্ৰটোকে ধৰি যোৰহাটৰ স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়াসকল।

এইছএলএল লাইফকেয়াৰ লিমিটেডৰ লেবৰেটৰীসমূহলৈ স্বাস্থ্য কেন্দ্ৰসমূহৰ পৰা ৰোগীৰ তেজৰ নমুনাসমূহ প্ৰেৰণ কৰিলেই সেয়া বিনামূলীয়াকৈ পৰীক্ষা কৰি ৰিপ'ৰ্টসমূহ প্ৰদান কৰা হয়। কিন্তু এই চৰকাৰী সুবিধাৰ বিষয়ে প্ৰচাৰ হ'বলৈ নিদি জিলাখনত একাংশ স্বাস্থ্যকৰ্মীয়ে একাংশ ব্যক্তিগত লেবৰেটৰীৰ সৈতে মিলি চলাই আহিছে এক ৰমৰমীয়া ব্যৱসায়। এতিয়া অসম চৰকাৰৰ বিয়াগোম স্বাস্থ্য বিভাগে এই সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰিব সেইয়াহে লক্ষণীয় হ'ব।

Post a Comment

Previous Post Next Post