সময়ৰ সোঁতত হেৰাই যাব ধৰিছে পৰম্পৰাগত বহু খেল। অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত খেলসমূহ সংৰক্ষণৰ ব্যৱস্থা কৰি মহানগৰীত মুকলি কৰা হৈছে "অলিম্পিয়া ট্ৰেডিচনেল স্প'ৰ্টছ মিউজিয়াম" (Olympia Traditional Sports Museum)।
মহানগৰীৰ ৰাজগড়ত শেহতীয়াকৈ মুকলি কৰা সংগ্ৰহালয়টোত পৰম্পৰাগত গুটি লুকুৱা খেল, এঠেঙীয়া দৌৰ, বস্তা পিন্ধা দৌৰ, বাধা-বিঘিনি দৌৰ, কাগজৰ নাও খেল, পিঠু খেল, টাং গুটি, ৰে'লগাড়ী খেল, পাক-ঘূৰণি খোৱা খেল, চাইকেলৰ চকা চলোৱা খেল, চিলা উৰুওৱা খেল আদি বিভিন্ন প্ৰকাৰৰ খেলৰ ছবি সংৰক্ষণ কৰাৰ লগতে সংৰক্ষণ কৰা হৈছে খেলৰ সম্বলসমূহ।