বনকৰা যুৱতীক প্ৰথমে যৌন নিৰ্যাতন, তাৰ পাছত হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ নিকৃষ্ট প্ৰচেষ্টা


 এগৰাকী শি


ক্ষকৰ নিকৃষ্ট কৰ্মকাণ্ডই এতিয়া জোকাৰি গৈছে ডিব্ৰুগড় জিলাৰ টেঙাখাত অঞ্চল। নিজৰ ঘৰত এগৰাকী কিশোৰীক বনকৰা কৰ্মী হিচাপে ৰাখি প্ৰথমে যৌন নিৰ্যাতন আৰু পিছলৈ হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰে এজন লম্পট শিক্ষকক বৰ্তমান টেঙাখাত আৰক্ষীয়ে আটক কৰিছে।


জানিব পৰা মতে, নাহৰকটীয়া চাচনী টিংৰাই কৈৱৰ্ত প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক চেনিৰাম দাসে ঘৰত বনকৰা কৰ্মী হিচাপে ৰাছিখিল এগৰাকী কিশোৰীক। চেনিৰাম দাসৰ ঘৰত বিগত ৭ বছৰ ধৰি কাম কৰাৰ পিছত শেহতীয়াকৈ শিক্ষক চেনিৰাম দাসে কিশোৰী গৰাকীৰ ওপৰত চলাইছিল অকথ্য শাৰিৰীক নিৰ্যাতন। নিৰ্যাতন সহিব নোৱাৰি কিশোৰীগৰাকী নিজা বাসগৃহলৈ উভতি যোৱাত চেনিৰাম দাসে ফোনযোগে ভয় ভাবুকি প্ৰদান কৰিছিল পৰিয়ালটোক। শিক্ষক চেনিৰাম দাসৰ ঘৰলৈ ওভতি যোৱা কিশোৰীজনীয়ে বিগত ৩১ অক্টোবৰ তাৰিখে ৰহস্যজনকভাৱে মৃত্যুক সাৱটি লয়। পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি চেনিৰাম দাসে ঘৰত পত্নী নথকাৰ সুযোগ লৈ উক্ত দিনা নিশা কিশোৰীগৰাকীৰ কোঠালিত প্ৰবেশ কৰি কিশোৰীগৰাকীৰ ওপৰত অকথ্য শাৰিৰীক আৰু যৌন নিৰ্যাতন চলাইছিল। সেই কথা কিশোৰীগৰাকীয়ে চেনিৰাম দাসৰ পত্নীক অৱগত কৰিম বুলি ভাবুকি দিয়াৰ পিছতেই শিক্ষক চেনিৰাম দাসে কিশোৰীগৰাকীক প্ৰথমে হত্যা কৰি চিলিং ফেনত মৃতদেহটো ওলমাই আত্মহত্যা ৰূপ দিবলৈ চেষ্টা কৰে।

পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত টেঙাখাত আৰক্ষীয়ে শিক্ষক চেনিৰাম দাসক আটক কৰি গ্ৰেপ্তাৰ কৰে। লম্পট শিক্ষকগৰাকীক কঠোৰ শাস্তিৰ দাবীত অসম চাহ জনজাতি ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থাকে ধৰি জনগোষ্ঠীটোৰ কেইবাটাও সংগঠনে কঠোৰ শাস্তিৰ দাবীত উপায়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰিছে ।

Post a Comment

Previous Post Next Post