কাইলৈ সুধাকণ্ঠৰ একাদশ মৃত্যুবাৰ্ষিকী, বাংলাদেশেও স্মৰণ কৰিব শিল্পী ভূপেন হাজৰিকাক


 

ভূপেন হাজৰিকা বাঙালী আৰু অসমীয়াৰ বন্ধুত্বৰ সেতু। অসমত ''মানুহে মানুহৰ বাবে''ৰ দৰে বাংলাদেশতো জনপ্ৰিয় ''মানুষ মানুষেৰ জন্য''। সেয়ে ভাৰত উপমহাদেশৰ বিখ্যাত শিল্পী ভূপেন হাজৰিকাৰ একাদশ মৃত্যু বাৰ্ষিকী শনিবাৰ, ৫ নৱেম্বৰত বাংলাদেশ শিল্পকলা একাডেমীয়ে ভাৰতীয় সংগীতৰ এই কিংবদন্তি ব্যক্তিত্বক স্মৰণ কৰাৰ উদ্যোগ লৈছে।


সুধাকণ্ঠ ভূপেন হাজৰিকাৰ স্মৃতিত অনুষ্ঠিত এই অনুষ্ঠানত কাৰ্যসূচী ৰূপে ৰখা হৈছে বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠান। শনিবাৰে সন্ধিয়া ৬ বজাত একাডেমীৰ ৰাষ্ট্ৰীয় চিত্ৰশালা প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব এই কাৰ্যসূচী।

ভূপেন হাজৰিকাৰ একাদশ মৃত্যু বাৰ্ষিকী উপলক্ষে আয়োজন কৰা সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে বাংলাদেশ চৰকাৰৰ আমন্ত্ৰণত আজি অসমৰ পৰা ২০জনীয়া এটা প্ৰতিনিধি দল বাংলাদেশত উপস্থিত হৈছে। ব্যতিক্ৰম গ্ৰুপৰ সৌমেন ভাৰতীয় নেতৃত্বাধীন প্ৰতিনিধি দলটোত ভূপেন হাজৰিকাৰ পৰিয়ালৰ সদস্য আৰু বিশিষ্ট সংগীত শিল্পী মনীষা হাজৰিকা, ময়ূখ হাজৰিকা, অসমীয়া জনপ্ৰিয় কণ্ঠশিল্পী গীতাঞ্জলি কাকতি, মিশ্মী বসু, দীপশিখা ভৰালী আদিয়ে সংগীতানুষ্ঠানত অংশগ্ৰহণ কৰিব।

Post a Comment

Previous Post Next Post