'Goodbye'ৰ নিৰ্মাতাৰ দৰ্শকলৈ এটি বিশেষ উপহাৰ


 

চলচ্চিত্ৰৰ ব্যৱসায় বৃদ্ধিৰ বাবে বলীউড উদ্যোগে প্ৰতিদিনে নতুন নতুন উপায় গ্ৰহণ কৰিছে। চলচ্চিত্ৰ নিৰ্মাতাসকলে চিনেমাৰ টিকটত দিছে বিশাল অফাৰ। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ দিৱস উপলক্ষে ইয়াৰ আৰম্ভণি হৈছিল। ২৩ ছেপ্টেম্বৰত দেশৰ বহু মাল্টিপ্লেক্সে সকলো ছবিৰ টিকট ৭৫ টকাত বিক্ৰী কৰিছিল। ইয়াৰ জৰিয়তে ‘ব্ৰহ্মাস্ত্ৰ’ আৰু ‘চুপ’ আৰু ‘ধোখা ডি কৰ্ণাৰ’ৰ দৰে ডাঙৰ ডাঙৰ ছবিক বৃহৎ সংগ্ৰহ কৰি দিছিল। ইয়াৰ পিছতে ‘ব্ৰহ্মাস্ত্ৰ’ৰ নিৰ্মাতাই ৩ দিনৰ বাবে ছবিখনৰ টিকট ১০০ টকা কৰি দিলে। ইয়াৰ ফলত ছবিখনো যথেষ্ট উপকৃত হৈছিল।


কেৱল এয়াই নহয়, ২ অক্টোবৰত অজয় দেৱগনৰ আগন্তুক ছবি ‘দৃশ্যম ২’ৰ আগতীয়া বুকিং কৰা সকলক ৫০ শতাংশ ৰেহাই দিয়াৰ কথা ঘোষণা কৰা হৈছিল। এতিয়া নিৰ্মাতাসকলে ‘Goodbye' ছবিখনৰ বাবে এক বিশেষ ঘোষণা কৰিছে। ছবিখনত অভিনয় কৰিছে অমিতাভ বচ্চন, নীনা গুপ্তা, ৰশ্মিকা মন্দন্না, সুনীল গ্ৰ’ভাৰৰ দৰে নবীন-প্ৰবীন বহু অভিনেতা-অভিনেত্ৰীয়ে।
ইমানত আপুনি পাব 'Goodbye'ৰ টিকট
৭ অক্টোবৰত বক্স অফিচত মুক্তি পালে ‘Goodbye'। ছবিখনৰ টিকট এতিয়া ১৫০ টকাত উপলব্ধ। কিন্তু এতিয়া নিৰ্মাতাসকলে সিদ্ধান্ত লৈছে যে ১১ অক্টোবৰত ‘Goodbye’ৰ টিকট হ’ব ৮০ টকা। অমিতাভ বচ্চনৰ জন্মদিন উপলক্ষে দিয়া হৈছে এই অফাৰ। ১১ অক্টোবৰত অমিতাভৰ ৮০ সংখ্যক জন্মদিন উদযাপন কৰিব। এই উপলক্ষে নিৰ্মাতাসকলে দৰ্শকক বিশেষ উপহাৰ আগবঢ়াইছে।

Post a Comment

Previous Post Next Post