ৰৌণক আলী হাজৰিকাৰ হেঙেৰাবাৰীস্থিত বাসগৃহত EDৰ অভিযান


 

ৰৌণক আলি হাজৰিকাৰ হেঙেৰাবাৰীস্থিত বাসগৃহত প্ৰৱৰ্তক ঞ্চালকালয় (ED)ৰ অভিযান। আয়তকৈ অসামঞ্জস্য সম্পত্তি আহৰণৰ অভিযোগতেই এই অভিযান চলোৱা হয়।


শুকুৰবাৰে উচ্চতম ন্যায়ালয়ৰ পৰা জামিন লাভ কৰিছিল নিলম্বিত ডি আই জি (DIG) হাজৰিকাই। ২০২১ৰ ৫ অক্টোবৰত মুখ্যমন্ত্ৰীৰ নিৰীক্ষণ আৰু তদাৰকী কোষে গ্ৰেপ্তাৰ কৰিছিল হাজৰিকাক।প্ৰায় এবছৰ কাৰাগাৰত কটাই চলিত সপ্তাহত জামিন লাভ কৰিছিল হাজৰিকাই। সমগ্ৰ বিষয় লৈ নতুনকৈ ৰুজু কৰা গোচৰৰ ভিত্তিত অভিযান চলাইছে ই. ডিয়ে। অসম আৰক্ষীৰ পৰা ই.ডিয়ে লৈছে সম্পত্তিৰ সবিশেষ তথ্য।

সংস্থাটোৰ উপ–সঞ্চালক পৰ্যায়ৰ বিষয়াৰ নেতৃত্বত চলিছে অভিযান। সম্প্ৰতি EDয়ে সোধা–পোছা কৰি আছে ৰৌণক আলী হাজৰিকা আৰু তেওঁৰ পত্নী নুৰচাদ ৰৌণক আলী হাজৰিকাক।

Post a Comment

Previous Post Next Post