ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় হ’ব দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ, CJI ইউ ইউ ললিতে প্ৰস্তাৱ কৰিলে নাম



 ভাৰতৰ মুখ্য ন্যায়াধীশ উদয় উমেশ ললিলে নিজৰ উত্তৰাধিকাৰী হিচাপে ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নাম প্ৰস্তাৱ কৰিছে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ এক বৈঠকত তেওঁৰ নাম প্ৰস্তাৱ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। ইয়াৰ লগে লগে ন্যায়াধীশ চন্দ্ৰচূড়ে ৯ নৱেম্বৰত ভাৰতৰ ৫০সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব আৰু তেওঁৰ কাৰ্যকাল দুবছৰৰ অধিক হ’ব। মুখ্য ন্যায়াধীশ ইউ ইউ ললিতে কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰৰ উত্তৰ প্ৰেৰণ কৰিছে, য’ত চৰকাৰৰ ফালৰ পৰা পৰৱৰ্তী মুখ্য ন্যায়াধীশৰ নামৰ বিষয়ে সোধা হৈছিল।


মুখ্য ন্যায়াধীশ ইউ ইউ ললিতে ৮ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিব। ৯ নৱেম্বৰত ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে দেশৰ ৫০ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত ল’ব আৰু ১০ নৱেম্বৰ ২০২৪ত অৱসৰ গ্ৰহণ কৰিব।

প্ৰট’কল অনুসৰি বৰ্তমানৰ মুখ্য ন্যায়াধীশলৈ চৰকাৰে তেওঁৰ উত্তৰাধিকাৰীৰ নাম প্ৰস্তাৱ কৰাৰ বাবে এক আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰে। সেই পত্ৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশক অৰ্পণ কৰা হয় আৰু আইন মন্ত্ৰীলৈ প্ৰেৰণ কৰা হয়। ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে ১৯৯৮ চনত ভাৰতৰ অতিৰিক্ত চলিচিটৰ জেনেৰেল হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। তেওঁ ২০১৩ চনত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত লৈছিল। তেওঁ ব’ম্বে উচ্চ ন্যায়ালয়ৰ সৈতেও জড়িত আৰু ২০১৬ চনত উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ হিচাপে পদোন্নতি লাভ কৰিছিল।

ন্যায়াধীশ উদয় উমেশ ললিতক ভাৰতৰ ৪৯সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল। ১৯৫৭ চনৰ ৯ নৱেম্বৰত জন্মগ্ৰহণ কৰা ইউ ইউ ললিতে ১৯৮৩ চনৰ পৰা অধিবক্তা হিচাপে ১৯৮৫লৈ বম্বে উচ্চ ন্যায়ালয়ত অনুশীলন কৰিছিল। তেওঁ ১৯৮৬ চনৰ জানুৱাৰীত দিল্লীত ওকালতি আৰম্ভ কৰিছিল আৰু ২০০৪ চনত সৰ্বো্চ ন্যায়ালয় এগৰাকী জ্যেষ্ঠ অধিবক্তা হিচাপে যোগদান কৰিছিল।

Post a Comment

Previous Post Next Post