আকাশমাৰ্গত বিমান যাত্ৰীৰ কামোৰ! বিমানৰ জৰুৰীকালীন অৱতৰণ কৰিবলৈ বাধ্য হ'ল পাইলট


 

আকাশমাৰ্গত চলন্ত বিমানতেই বিমান পৰিচাৰিকাৰ হাতত কামুৰি দিলে এগৰাকী যাত্ৰীয়ে আৰু তাৰপিছতেই লাগিল হুলস্থুল। তাৰপিছত পাইলটে ক্ষীপ্ৰতাৰে বিমানৰ পথ সলনি কৰি জৰুৰী অৱতৰণ কৰিবলৈ বাধ্য হ'ল।


যোৱা সপ্তাহত তুৰ্কী এয়াৰলাইন্সৰ এখন বিমান এনে ঘটনাৰ সাক্ষী হয়। জানিব পৰা মতে, বিমানখন ইস্তানবুলৰ পৰা জাকাৰ্টালৈ ৰাওনা হৈছিল। কিন্তু বিমানৰ ভিতৰত হোৱা কোলাহলৰ বাবে পাইলটজনে পথ সলনি কৰি জৰুৰী অৱতৰণ কৰিবলৈ বাধ্য হয়। খবৰ অনুসৰি, কেবিনত এজন যাত্ৰীয়ে বিমান পৰিচাৰিকাগৰাকীৰ আঙুলিত কামুৰি বিশৃংখলতাৰ সৃষ্টি কৰে। ঘটনাৰ এটা ভিডিঅ’ নেটত ভাইৰেল হৈছে। আৰক্ষীয়ে অভিযুক্ত যাত্ৰীজনক চিনাক্ত কৰিছে। জানিব পৰা মতে, ৪৮ বছৰীয়া লোকজন ইণ্ডোনেছিয়াৰ নাগৰিক মহম্মদ জন জায়েজ ব’ডেৱিন। তুৰস্কলৈ ব্যক্তিগত ভ্ৰমণৰ অন্তত জাকাৰ্টালৈ উভতি আহিছিল জন জায়েজ।
এটা মাইক্ৰ’ ব্লগিং চাইটে প্ৰকাশ কৰিছে ভাইৰেল ভিডিঅ’টো। তেওঁলোকে জনোৱা মতে, ১১ অক্টোবৰত তুৰ্কী এয়াৰলাইন্সৰ বিমান টি কে-৫৬ত এজন ইণ্ডোনেছিয়াৰ যাত্ৰীয়ে এগৰাকী বিমান পৰিচাৰিকাক আক্ৰমণ কৰে। বিমানখনে জাকাৰ্টাত পোৱাৰ পূৰ্বে মেডান বিমানবন্দৰত জৰুৰী অৱতৰণ কৰিবলগীয়া হয়। যাত্ৰীজন তুৰস্কত ছুটী লৈ উভতি অহা বাটিক এয়াৰৰ পাইলট বুলি সন্দেহ কৰা হৈছে।

Post a Comment

Previous Post Next Post