ৰাজ্যৰ বিশিষ্ট লোকসংস্কৃতিবিদ, গৱেষক ড০ নবীন চন্দ্ৰ শৰ্মাৰ দেওবাৰে মালিগাঁওৰ নিজ বাসভৱনত দেহাৱসান ঘটে। গুৱাহাটী বিশ্ববিদ্য্যালয়ৰ অসমীয়া আৰু লোকসংস্কৃতি বিভাগৰ অধ্যাপক ৰূপে অৱসৰগ্ৰহণ কৰা শৰ্মাই অসম তথা উত্তৰ–পূবৰ লোকসংস্কৃতিৰ অধ্যয়নৰ দিশত ভালেখিনি অৱদান আগবঢ়াইছিল।
অসমীয়া ভাষা, অসমৰ জাতি–জনজাতিৰ কৃষ্টি–সংস্কৃতিৰ ওপৰত তেওঁ বহুকেইখন গৱেষণামূলক পুথি ৰচনা কৰিছিল। ১৯৩৮ চনত দৰং জিলাৰ ছিপাঝাৰৰ হাজৰিকাপাৰা গাঁৱত জন্মগ্ৰহণ কৰা শৰ্মাক অসম সাহিত্য সভাই সাহিত্য মহীয়ান সন্মানেৰে সন্মানিত কৰিছিল।
গৱেষকগৰাকীৰ মৃত্যুত ৰাজ্যৰ মুখ্যমন্ত্ৰীকে ধৰি কেইবাগৰাকীও নেতাই শোকপ্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লোক-সংস্কৃতিৰ সাধকগৰাকীয়ে সমাজখনলৈ অনবদ্য অৱদান আগবঢ়াই থৈ গ'ল বুলি উল্লেখ কৰি তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে।
মুখ্যমন্ত্ৰীৰ লগতে তৃণমূল কংগ্ৰেছৰ নেতা ৰিপুণ বৰাই এক শোকবিবৃতিত ড° নবীন চন্দ্ৰ শৰ্মাদেৱে অসমৰ লোক সংস্কৃতিৰ গৱেষণাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে।