গণেশগুৰিৰ গণেশ উদ্যানত বন্তি প্ৰজ্বলনেৰে কণ্ঠশিল্পী তেজস্বিতা বৰুৱালৈ শ্ৰদ্ধাঞ্জলি


 

মাজুলীৰ প্ৰতিভাসম্পন্ন উদীয়মান কণ্ঠশিল্পী তেজস্বিতা বৰুৱালৈ শ্ৰদ্ধাঞ্জলি অসম তৃণমূল কংগ্ৰেছৰ। গণেশগুৰিৰ গনেশ উদ্যানত বন্তি প্ৰজ্বলন কৰি তেজস্বিতা বৰুৱালৈ শ্ৰদ্ধাঞ্জলি জনায় তৃণমূল কংগ্ৰেছে।


মাজুলীৰ এই ঘটনাৰ বাবে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক পদত্যাগ কৰাৰ দাবী তোলে তৃণমূল কংগ্ৰেছে। দলটোৱে লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক মাজুলী আৰু অসমবাসীৰ ওচৰত ক্ষমা খোজাৰ দাবী জনায়।

মাজুলীৰ ঘটনাই স্বাস্থ্যখণ্ডৰ ফোঁপোলা স্বৰূপ উদঙাই দিলে বুলি মন্তব্য কৰে তৃণমূল কংগ্ৰেছে।

Post a Comment

Previous Post Next Post