বৰপেটাত দেশৰ সাৰ্বভৌমত্ব আৰু নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াব পৰা ভুৱা ভোটাৰ পৰিচয় পত্ৰ প্ৰস্তুতৰ সৈতে জড়িত বৃহৎ চক্ৰ উৎখাত ৷ 'ডি' ভোটাৰসকলক এই চক্ৰটোৱে প্ৰদান কৰি আহিছিল ভুৱা ভোটাৰ পৰিচয় পত্ৰ ৷
ভুৱা ভোটাৰ পৰিচয় পত্ৰ প্ৰস্তুত কৰা চক্ৰটোৰ মূল নায়ক ফাৰুক খানৰ লগতে আব্দুল আলী আৰু ছহিদুলকো গ্ৰেপ্তাৰ কৰা হয় ৷ ফাৰুক খানৰ পৰা জব্দ কৰা হৈছে জালিয়াতিৰে প্ৰস্তুত কৰা ২৬২ খন ভুৱা ভোটাৰ পৰিচয় পত্ৰ ৷
বৰপেটাৰ নিৰ্বাচনী বিষয়াই জনোৱা মতে, ডি ভোটাৰ চিহ্নিত সন্দেহজনক ভোটাৰসকলক নিৰ্বাচনী আয়োগৰ নিয়ম অনুযায়ী কোনো ভোটাৰ পৰিচয় পত্ৰ প্ৰদান কৰা নহয় ৷ কিন্তু ফাৰুক খানৰ নেতৃত্বত বৰপেটাত এই চক্ৰটোৱে নিৰ্বাচন আয়োগৰ সকলো নীতি–নিৰ্দেশনা ভৰিৰে মোহাৰি ডি ভোটাৰসকলক জালিয়াতিৰে প্ৰদান কৰি আহিছিল ভোটাৰ পৰিচয় পত্ৰ ৷
শেহতীয়াভাৱে বৰপেটাৰ নিৰ্বাচনী বিষয়া ময়ুৰাক্ষি দত্তই বৰপেটা সদৰ থানাত দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত বৰপেটা আৰক্ষীয়ে অনুসন্ধান চলাই ভুৱা ভোটাৰ পৰিচয় পত্ৰ প্ৰস্তুত কৰা চক্ৰটোক উৎখাত কৰে ৷
বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰঞ্জন দলেৰ নেতৃত্বত আজি বৰপেটা চহৰৰ তিনি স্থানত অভিযান চলাই ভুৱা ভোটাৰ পৰিচয় পত্ৰ প্ৰস্তুত কৰা লেপটপ, কম্পিউটাৰ, প্ৰিন্টাৰ আদি জব্দ কৰে আৰক্ষীয়ে ৷