গোলাঘাট জিলাৰ নুমলীগড়ৰ খুমটাই ৰাজহ চক্ৰৰ অন্তৰ্গত দুসুঁতিমুখত শনিবাৰে আবেলি সময়ত একাংশ লোকে মৰিয়াই মৰিয়াই হত্যা কৰিলে এটা নাহৰফুটুকীক। দেৰগাঁও বন সংমণ্ডলৰ অধীনস্থ অঞ্চলটো দিনৰ ভাগতে এটা প্ৰকাণ্ড নাহৰফুটুকীৰ আক্ৰমণত আহত হৈছিল অঞ্চলটোৰ লোহিত দলে আৰু বিতোপন দলে নামৰ লোককেইজন।
পথাৰত গৰু বান্ধিবলৈ যাওঁতে বাঘৰ আক্ৰমণত দুজন লোক গুৰুতৰভাৱে আহত হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলটোৰ সচেতন ৰাইজে বাঘ ওলোৱা সন্দৰ্ভত বন বিভাগক খবৰ দিছিল যদিও দেৰগাঁও বন সংমণ্ডল কাৰ্যালয়ৰ বনকৰ্মীৰ এটি দল উক্ত স্থানত উপস্থিত হৈছিল। বনকৰ্মী দলটোৱে বহু পলমকৈ ঘটনাস্থলীত উপস্থিত হোৱাত বন বিভাগৰ বিৰুদ্ধে ক্ষুণ্ণ হৈ পৰে।
ইয়াৰে একাংশ লোকে বন বিভাগৰ উপস্থিতে নাহৰফুটুকীটো মাৰিবলৈ হাতে হাতে যাঠী–জোং লৈ উন্মাদ হৈছিল। এজোপা প্ৰকাণ্ড গছৰ ওপৰত আশ্ৰয় গ্ৰহণ কৰি থকা নাহৰফুটুকীটোৱে পিছত স্থানীয় তিনিজন লোকক আক্ৰমণ কৰাত একাংশ উদণ্ড লোকে বাঘটোক মৰিয়াই মৰিয়াই হত্যা কৰাৰ লগতে বাঘটো কিছু অংশ কাটি লৈ যায়।
ঘটনাস্থলীত দেৰগাঁও আৰক্ষী উপস্থিত হৈ বন বিভাগৰ সহযোগত মৃত বাঘটো উদ্ধাৰ কৰে। তাৎপৰ্যপূৰ্ণ বিষয় যে বাঘ সংৰক্ষণৰ শ্লোগান চৰকাৰৰ বন বিভাগৰ গুৰুত্বহীনতাৰ বাবে এটা দুষ্পাপ্য হ'বলৈ ধৰা নাহৰফুটুকীৰ হত্যাক গৰিহণা দিছে প্ৰকৃতিপ্ৰেমীসকলে।

Tags:
National