আব্দুল খালেকৰ পিছত ৰকিবুল হুছেইনে পদত্যাগ কৰিলে কংগ্ৰেছৰ সকলো বিষয়বাব। দলৰ সকলো পদৰ পৰা পদত্যাগ কৰা বুলি তেওঁ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ পত্ৰ লিখে।
অল ইণ্ডিয়া কংগ্ৰেছ কমিটি (AICC)ৰ সভাপতি পদৰ নিৰ্বাচনৰ বাবে মল্লিকাৰ্জুন খাৰ্গেৰ হৈ প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে পদত্যাগ কৰে ৰকিবুল হুছেইনে।
ইয়াৰ পূৰ্বে কালি বৰপেটাৰ সাংসদ আব্দুল খালেকে মল্লিকাৰ্জুন খাৰ্গেৰ গৈ প্ৰচাৰ চলাবলৈ পদত্যাগ কৰিছিল সকলো বিষয়বাব।
আজি মালয়েছিয়াৰ পৰা ভাৰতলৈ ঘূৰি আহিব ৰকিবুল হুছেইন আৰু ইয়াৰ পিছতে খাৰ্গেৰ বাবে নিৰ্বাচনী প্ৰচাৰত অংশ ল'ব। উল্লেখ্য, কংগ্ৰেছৰ নিৰ্বাচনী নিয়ম অনুসৰি নিজৰ পদত থাকি কেন্দ্ৰীয় সমিতিৰ নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰে।
উল্লেখ্য, অসম প্ৰদেশ কংগ্ৰেছৰ আব্দুল খালেক আৰু ৰকিবুল হুছেইনে খাৰ্গেক সমৰ্থন দিয়াৰ বিপৰীতে সভাপতি পদৰ আন এগৰাকী প্ৰাৰ্থী শশী থাৰুৰৰ সমৰ্থনত প্ৰদ্যুৎ বৰদলৈ, দেৱব্ৰত শইকীয়াৰ লগতে বহুকেইজন নেতা থকা বুলি জানিব পৰা গৈছে।