মন্ত্রী মল্লবৰুৱাই 'জল সাৰথি' মোবাইল উন্মোচন কৰাৰ লগতে জল জীৱন মিছনৰ ওপৰত হেণ্ডবুকও উন্মোচন কৰে


 

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত আজি পি এইচ ই ডিৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই জল জীৱন মিছন, অসমৰ এক থিম ছং মুকলি কৰে। এই থিম ছঙৰ জৰিয়তে জল জীৱন মিছন আঁচনিৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে আৰু বৰ্তমান কাৰ্যকৰী হৈ থকা জে জে এম, অসমৰ বিষয়ে সজাগতা বিয়পোৱা হৈছে গীতটিৰ মূল উদ্দেশ্য। উক্ত গীতটিত কণ্ঠদান কৰে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষু শৰ্মা আৰু গীতালী দেৱীয়ে। গীতটোৰ লগত সংগতি ৰাখি প্ৰস্তুত কৰা মিউজিক ভিডিঅ’টোত ৰাজ্যৰ থলুৱা লোকৰূপৰ লগতে অসমৰ চহকী সত্ৰীয়া সংস্কৃতিক অতি সুন্দৰ ৰূপত চিত্ৰিত কৰা হৈছে। লগতে গীতটিৰ কথাত এখন সুস্থ সমাজৰ বাবে বিশুদ্ধ খোৱাপানীৰ গুৰুত্বক অতি স্পষ্ট ৰূপত প্ৰতিফলিত কৰা হৈছে।


ইয়াৰ সমান্তৰালভাৱে মন্ত্ৰী বৰুৱাই পাইপযুক্ত পানী যোগান আঁচনিসমূহৰ পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ ওপৰত এখন হাতপুথি আৰু 'জল সাৰথি' নামৰ এটা মোবাইল এপ্লিকেচন উন্মোচন কৰে। অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ দিক-নির্দেশনা অনুযায়ী এই হাতপুথিখন তৈয়াৰ কৰা হৈছে৷ জল জীৱন মিছনৰ অধীনত নিৰ্ধাৰিত নিৰ্দেশনা অনুসৰি জল ব্যৱহাৰকাৰী সমিতিসমূহে নিজৰ কৰ্তব্য পালন কৰিবলৈ সক্ষম কৰাটোৱেই হেণ্ডবুকখনৰ লক্ষ্য বুলি মন্ত্ৰীগৰাকীয়ে কয়। আনহাতে, AMTRON ৰ দ্বাৰা বিকশিত কৰা জল সাৰথি মোবাইল এপটো ব্যৱহাৰ কৰি ASRLM ৰ অধীনত SHG সদস্যসকলে চিনাক্ত কৰা FHTC সমূহৰ কাৰ্য্যক্ষমতা, পৰিমাণ, গুণগত মান, আৰু নিয়মীয়াতা মূল্যায়ন কৰা হ’ব আৰু ই তেওঁলোকৰ স্থানীয় অঞ্চলত গণ সজাগতা সৃষ্টি কৰিব বুলি জানিব পৰা গৈছে। নিজৰ ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে আমাৰ জনসাধাৰণৰ এনে ধাৰণা আছে যে সকলো ঠাইতে বিশুদ্ধ পানী উপলব্ধ। কিন্তু বিশুদ্ধ খোৱাপানী সকলোতে পোৱা নাযায়। প্ৰতিখন দুৱাৰমুখতে যাতে বিশুদ্ধ পানী উপলব্ধ হয়, তাৰ প্ৰতি লক্ষ্য ৰাখিব জে জে এম আঁচনিখনে। তেওঁ লগতে উল্লেখ কৰে যে এই থিম গীতটোৱে জল জীৱন মিছন সন্দৰ্ভত জনসাধাৰণৰ মাজত গণ সজাগতা সৃষ্টি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ইয়াৰ লগতে জল জীৱন মিছনক এক গণ আন্দোলনলৈ ৰূপান্তৰিত কৰিবলৈ সকলোকে আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে।

থিম ছং মুক্তি অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে গীতটোৰ প্ৰযোজনাৰ সৈতে জড়িত শিল্পী আৰু কলা কুশলীসকলক সম্বৰ্ধনা জনায়।

উল্লেখ্য যে, আজিৰ অনুষ্ঠানত জল জীৱন মিছনৰ ডাইৰেক্টৰ আৰু পি এইচ ই ডিৰ সচিব কৈলাশ কাৰ্তিক এন, ৰাজ্যিক মিছন সঞ্চালক, এ এছ আৰ এল এম কৃষ্ণ বৰুৱা, প্ৰকাশন ব’ৰ্ডছ অসমৰ সম্পাদক প্ৰমোদ কলিতা আদিকে ধৰি আন আন গণ্য মান্য ব্যক্তিসকল উপস্থিত থাকে।

Post a Comment

Previous Post Next Post