ডুবাইত বৰ্ণাঢ্য উদ্বোধনৰ বাবে সাজু হিন্দু মন্দিৰ


 

দশেৰা উৎসৱৰ পূৰ্বে সংযুক্ত আৰৱ আমিৰশ্বাহীৰ ডুবাইৰ ভাৰতীয় জনগোষ্ঠীয়ে ডুবাইত এটা হিন্দু মন্দিৰৰ উদ্বোধনী অনুষ্ঠানৰ সাক্ষী হ’ব। আজি ৪ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া এই পবিত্ৰ মুকলি অনুষ্ঠানত সহনশীলতা আৰু সহাৱস্থান মন্ত্ৰী শ্বেখ নাহিয়ান বিন মুবাৰক আল নাহিয়ান আৰু ইউ এ ইত ভাৰতীয় দূত সুঞ্জয় সুধীৰ উপস্থিত থাকিব।


তিনি বছৰত নিৰ্মাণ কৰা এই মন্দিৰটো কৰ’না মহামাৰীৰ তুংগত থকাৰ সময়তো কমিউনিটি ডেভেলপমেণ্ট অথৰিটি, ডুবাই পৌৰসভা, ডুবাই আৰক্ষী আৰু ডুবাই লেণ্ড ডিপাৰ্টমেণ্টৰ বিষয়াসকলৰ পৰা ক্লিয়াৰেন্স লাভ কৰা হৈছিল। ২০১৯ চনত ইউ এ ই চৰকাৰে এই মন্দিৰৰ বাবে মাটি দিছিল।

মন্দিৰ কৰ্তৃপক্ষই জনোৱা মতে, সকলো ধৰ্মৰ লোককে মন্দিৰটো চাবলৈ আমন্ত্ৰণ জনোৱা হৈছে। মন্দিৰটোৰ স্বকীয় স্থাপত্যই পৰ্যটককো আকৰ্ষণ কৰাৰ সম্ভাৱনা আছে। ৮০ হাজাৰ বৰ্গফুট এলেকাত নিৰ্মাণ কৰা উক্ত মন্দিৰটো ডুবাইৰ জেবেল আলীৰ ৱৰ্শ্বিপ ভিলেজ অঞ্চলত অৱস্থিত।

এই মন্দিৰটোৰ বিশেষত্ব হ’ল ইয়াত গুৰু গ্ৰন্থ চাহেবৰ লগতে শিৱ, কৃষ্ণ, গণেশ, মহালক্ষ্মীকে ধৰি ১৬ জন দেৱতা আছে। ইয়াৰ বাহিৰৰ গম্বুজত নটা পিতলৰ শিখৰ বা কলাশাও আছে, ওপৰৰ প্ৰাৰ্থনা অংশত ১০৫টা পিতলৰ ঘণ্টা, এটা আকাশৰ পোহৰ য’ৰ পৰা এটা বৃহৎ, গোলাপী পদুমৰ ভাস্কৰ্য্য ওলোমাই থোৱা আছে আৰু এটা বৃহৎ প্ৰাৰ্থনা হল আছে যিটো অনুষ্ঠানৰ বাবে বুকিং কৰিব পাৰি।

“২০১৯ চনত চৰকাৰে আমাক নতুন মাটি দিছিল, আৰু জেবেল আলী অঞ্চলত আন এটা মন্দিৰ নিৰ্মাণ কৰিবলৈ অনুমতি দিছিল। তিনি বছৰত ডুবাইত নিৰ্মাণ কৰা হৈছিল এই মন্দিৰটো। আমি এনে এটা মন্দিৰ নিৰ্মাণ কৰিছো য’ত প্ৰতিজন হিন্দুৱে নিজৰ ধৰ্ম পালন কৰিব পাৰে, ইয়াত ১৬ জন দেৱতাৰ মূৰ্তিও আছে আৰু গুৰু দৰবাৰ আছে।’- বুলি হিন্দু মন্দিৰৰ ট্ৰাষ্টী ৰাজু শ্ৰফে নিউজ১৮ হিন্দীৰ সৈতে হোৱা এক বাৰ্তালাপত প্ৰকাশ কৰে। দেশৰ অন্যতম পুৰণি ব্যৱসায়িক প্ৰতিষ্ঠান ৰিগেল গ্ৰুপৰ অধ্যক্ষ তেওঁ।

Post a Comment

Previous Post Next Post