আইচিচি টি২০ বিশ্বকাপ ২০২২ত নিজৰ অভিযান আৰম্ভ কৰাৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৱাৰ্মআপ মেচত অংশ লৈছে। এই মেচখনত সুন্দৰ আৰম্ভণি কৰে কে এল ৰাহুলে। কে এল ৰাহুলে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৰ্ধশতক অৰ্জন কৰে। আনহাতে, অধিনায়ক ৰোহিত শৰ্মা আৰম্ভণি আছিল লেহেমীয়া। ৰোহিত আৰু ৰাহুলে অধিক সময় ক্ৰীজত থাকিব নোৱাৰিলে যদিও অতি দ্ৰুততাৰে নিজৰ অৰ্ধশতৰান সম্পূৰ্ণ কৰে কে এল ৰাহুলে। ১৫ ৰান কৰি পেভিলিয়নমুখী হয় ৰোহিত শৰ্মা, ৰাহুলৰ ৰান ৫৭।
মেচখনত আক্ৰমণাত্মক ৰূপত দেখা যায় কে এল ৰাহুলক। কে এল ৰাহুলে ২৭টা বলত নিজৰ অৰ্ধশতক সম্পূৰ্ণ কৰে। ৰাহুলে নিজৰ এই অৰ্ধশতকত ৬টা চাৰি আৰু তিনিটা ছয় কোবায়। ৰাহুলৰ ষ্ট্ৰাইক ৰেট ১৮০ৰো অধিক।
কে এল ৰাহুলে ৩৩ টা বলত ৬টা চাৰি আৰু ৩টা ছয়ৰ সহায়ত ৫৭ ৰান সংগ্ৰহ কৰে। ৰোহিত শৰ্মাই ১৪ বলত সংগ্ৰহ কৰে ১৫ ৰান। গ্লেন মেক্সৱেলৰ বলত এষ্টন এগৰৰ হাতত কেচ তুলি দি পেভিলিয়নমুখী হয় কে এল ৰাহুল। আনহাতে, ৰোহিত শৰ্মাই এষ্টন এগৰৰ বলত মেক্সৱেলৰ হাতত কেছ উট হয়।
Tags:
Sports