দুৰ্গা পূজাৰ মাজতে যোৱানিশা শিৱসাগৰৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত চোৰে চলালে অভিযান। এই চুৰিকাণ্ডৰ দৃশ্য বন্দী হৈ ৰয় চিচিটিভি কেমেৰাত। তিনিটা চোৰে শিৱসাগৰ নামতীয়াল পথাৰৰ সমীপৰ ‘মইনা হাৰ্ডৱে’ৰ’ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনত দৰ্জা–গ্লাছ ভাঙি প্ৰৱেশ কৰি লৈ যায় নগদ দুই লক্ষাধিক টকাৰ লগতে কেতবোৰ মূল্যবান সামগ্ৰী।
প্ৰতিষ্ঠানখনৰ স্বতাধিকাৰী ইমৰান হুছেইনে পুৱা দোকানখন খুলিবলৈ লওঁতেই পোহৰলৈ আহে চুৰি কাণ্ড। ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী ইমৰান হুছেইনে এই সন্দৰ্ভত সদৰ থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। লক্ষ্যণীয় যে বিগত কিছুদিনৰ পৰা শিৱসাগৰত চোৰৰ উপদ্ৰৱ বৃদ্ধি পাইছে।
Tags:
National
