আজি জনতা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ বিষয়াৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰি অসম দক্ষতা বিশ্ববিদ্যালয়ৰ অগ্ৰগতিৰ পৰ্যালোচনা সন্দৰ্ভত আলোচনা কৰে। বৈঠকত মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ যুৱক-যুৱতীসকলৰ দক্ষতাক অগ্ৰাধিকাৰ প্ৰদানেৰে বিশ্ববিদ্যালয়খনক এক অত্যাধুনিক ৰূপ দিবলৈ ইয়াৰ পাঠ্যক্ৰম, অধ্যাপকৰ পদ আৰু পৰিচালনাৰ বিষয়েও বুজ লয়।
ৰাজ্যৰ ১৩২খন আই টি আইক অত্যাধুনিক দক্ষতাসম্পন্ন কেন্দ্ৰলৈ ৰূপান্তৰ কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়। উচ্চমানৰ প্ৰশিক্ষণ, আত্মসংস্থাপনৰ কাৰ্যসূচী, দক্ষতাৰ বিষয়ত সজাগতা সৃষ্টি আদিৰ বিষয়ত গুৰুত্ব প্ৰদানেৰে আই টি আইসমূহৰ সহযোগত মানৱ সম্পদসমূহক দক্ষতাসম্পন্ন কৰি তোলাৰ সন্দৰ্ভতো এই বৈঠকত বিস্তৃতভাৱে আলোচনা কৰা হয়।বৈঠকত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, অসম দক্ষতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সুভাষ চন্দ্ৰ দাস আৰু দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।