বৰপেটাৰ কংগ্ৰেছ সাংসদ আব্দুল খালেকে এৰিলে কংগ্ৰেছৰ সকলো বিষয়বাব


 

বৰপেটাৰ কংগ্ৰেছ সাংসদ আব্দুল খালেকে এৰিলে কংগ্ৰেছৰ সকলো বিষয়বাব। সাংসদগৰাকীয়ে আজি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিলৈ পত্ৰ প্ৰেৰণ কৰি কংগ্ৰেছৰ মুখপাত্ৰ তথা আন সকলো পদবীৰ পৰা পদত্যাগ কৰে। এই বিষয়ে তেওঁ টুইট কৰি জানিবলৈ দিয়ে।


সাংসদ খালেকে জাতীয় কংগ্ৰেছৰ সভাপতি পদৰ প্ৰাৰ্থী মল্লিকাৰ্জুন খাৰ্গেৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ এই পদৰ পৰা অব্যাহতি লৈছে। ভাৰতীয় জাতীয় কংগ্ৰেছৰ নির্বাচনী অধিসূচনা অনুসৰি তেওঁ অসম প্ৰদেশ কংগ্ৰেছৰ সকলো পদবীৰ পৰা পদত্যাগ কৰা বুলি প্ৰকাশ কৰে।

উল্লেখ্য, ১৭ অক্টোবৰত অনুষ্ঠিত হ’ব কংগ্ৰেছৰ সভাপতি নিৰ্বাচন। সভাপতি পদৰ বাবে শশী থাৰুৰৰ লগতে মনোনয়ন পত্ৰ দাখিল কৰিছে মল্লিকাৰ্জুন খাৰ্গে আৰু ঝাৰখণ্ড চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী কে এন ত্ৰিপাঠীয়ে।

Post a Comment

Previous Post Next Post