আহোম জনগোষ্ঠীৰ ওচৰত শংকৰদেৱ সংঘৰ বিষয়ববীয়াই ক্ষমা নুখুজিলে অহা ৬ নৱেম্বৰত ২০২২ তাৰিখলৈ চৰাইদেউ জিলা বন্ধ ঘোষণা কৰিব টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপাই।
অহা ৪ নৱেম্বৰৰ পৰা ৬ নৱেম্বৰলৈ সোণাৰিৰ সাপেখাতিত অনুষ্ঠিত হ'বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় শিশু, যুৱ, আই মাতৃ সমাৰোহৰ প্ৰথম দিনা টাইপাই ক'লা পতাকা প্ৰদৰ্শন কৰা লগতে ৬ নৱেম্বৰত ঘোষণা কৰিব চৰাইদেউ জিলা বন্ধ। ইয়াৰ পৰিপ্ৰেক্ষিতত শংকৰদেৱ সংঘক শীঘ্ৰেই আহোম জনগোষ্ঠীৰ ওচৰত ক্ষমা খোজাৰ আহ্বান টাই আহোম যুৱ পৰিষদ অসমৰ।
টাই আহোম যুৱ পৰিষদে কয় যে সাতামপুৰুষীয়া সম্প্ৰীতিত কুঠাৰাঘাত কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘই। চকলং বিবাহ পদ্ধতিৰ বিৰোধিতা কৰি আহোম জাতিক অপমান কৰিছে সংঘই। গতিকে সমগ্ৰ আহোম জাতিৰ ওচৰত শীঘ্ৰেই ক্ষমা খোজক শ্ৰীমন্ত শংকৰদেৱ সংঘই। অন্যথা প্ৰতিবাদৰ সন্মুখীন হ'বলৈ সাজু হওক।
উল্লেখ্য যে আহোমসকলৰ পৰম্পৰাগত বিবাহ পদ্ধতি "চকলং" প্ৰথাৰে অনুষ্ঠিত কৰা বিবাহত উপস্থিত থকাৰ বাবেই মৰিয়নিৰ নকছাৰীৰ চাৰিটা পৰিয়ালক শংকৰদেৱ সংঘৰ লাহিং আঞ্চলিক সমিতিয়ে এঘৰীয়া কৰি শুদ্ধিকৰণ কৰা পিছৰে পৰা এনেদৰে সৰৱ হৈ উঠিছে টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপা।