কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী তথা উত্তৰ-পূব পৰিষদৰ (এনইচি) অধ্যক্ষ অমিত শ্বাহে শুক্ৰবাৰে গুৱাহাটীত অসমক বানমুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে আয়োজিত এক গুৰুত্বপূৰ্ণ বৈঠকত সভাপতিত্ব কৰে। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থকা বৈঠকখনত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰি কয় যে অসম অধিক বিকশিত হোৱাৰ বাবে আৰু গুৰুত্বপূৰ্ণ ব্যক্তিগত বিনিয়োগসমূহ আকৰ্ষিত কৰাৰ বাবে বানপানীৰ পৰা সুৰক্ষিত তথা বানমুক্ত হৈ উঠাটো এক অতি গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তা। তেওঁ কয় যে ৰাজ্যখনে এক দীৰ্ঘম্যাদী পৰিকল্পনা প্ৰস্তুত কৰিব লাগিব যিয়ে আগন্তুক দশকসমূহলৈ বানপানীৰ পৰা সুৰক্ষা প্ৰদান কৰিব ।
গৃহমন্ত্ৰীয়ে গুৰুত্বসহকাৰে কয় যে অসম চৰকাৰে ৰাজ্যখনৰ আৰ্দ্ৰভূমিসমূহৰ সুৰক্ষা আৰু পুনৰুজ্জীৱিতকৰণৰ লগতে সেইবোৰৰ ধাৰণ ক্ষমতা বৃদ্ধিৰ বাবে এক দৃঢ় কাৰ্যপন্থা প্ৰস্তুত কৰিব লাগে যাতে সেইবোৰে বানপানীৰ সময়ত জলাশয় হিচাপেও কাম কৰিব পাৰে। তেওঁ লগতে উল্লেখ কৰে যে ৰাজ্যখনে জলাশয়সমূহৰ সুৰক্ষাৰ বাবে আইন প্ৰণয়ন কৰাৰ উপৰি, সেই আইন প্ৰৱৰ্তনৰ বাবে এক প্ৰণালী সাজু কৰাকে ধৰি এই ক্ষেত্ৰত সকলো পদক্ষেপ ল'ব লাগিব।
কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে লগতে কয় যে ৰাজ্যখনত বানপানী হ্ৰাস কৰাৰ বাবে অৰুণাচল প্ৰদেশ আদিৰ জলবিদ্যুৎ প্ৰকল্পবোৰত অধিক বান নিয়ন্ত্ৰণ সংৰক্ষণ জলাশয় বা ফ্লাড মডাৰেশ্যন ষ্টোৰেজ ৰিজাৰ্ভয়ৰ অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ শীঘ্ৰেই জল শক্তি মন্ত্ৰালয়, শক্তি মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰৰ সৈতে এখন বৈঠক আহ্বান কৰা হ'ব।
ৰাজ্যিক জলসম্পদ বিভাগ আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ ক্ষমতা বিকাশৰ বাবে শ্বাহে গুৰুত্ব প্ৰদান কৰি কয় যে ৰাজ্য চৰকাৰে বানপানীৰ পূৰ্বানুমান আৰু আগতীয়া সতৰ্কতা প্ৰণালী বিকশিত কৰাৰ বাবে বুজাবুজি চুক্তি স্বাক্ষৰ কৰা এনইএছএচি (NESAC)ৰ সেৱাসমূহ ব্যৱহাৰ কৰাৰ উপৰিও, ৰাজ্য আৰু এনইএছএচিয়ে ৰাজ্যিক সংস্থাসমূহৰ ক্ষমতা সৃষ্টিৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষকো অন্তৰ্ভুক্ত কৰাৰ ওপৰতো গুৰুত্ব দিব লাগে।