সোণাৰিত আটছাৰ নেতাক হত্যাৰ চেষ্টা এগৰাকী মহিলাৰ


 

চৰাইদেউ জিলাৰ সোণাৰিৰ অসম নাগালেণ্ড সীমান্তৰ নামতোলা চাহ বাগিচাৰ এগৰাকী মহিলাই চাহ জনজাতি ছাত্ৰ সন্থাৰ সোণাৰি শাখাৰ সম্পাদক মনোজ পাটনায়কক চোকা দাৰে ঘাপ মৰাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।


প্ৰাপ্ত তথ্য অনুসৰি, ভূমি কেন্দ্ৰিক সংঘাতৰ ফলত আটছাৰ নেতাক হত্যাৰ চেষ্টা চলাইছিল মহিলাগৰাকীয়ে। নামতোলা আৰক্ষীয়ে ততাতৈয়াকৈ আঘাতপ্ৰাপ্ত আটছাৰ নেতাজনক সোণাৰি ৰজাপুখুৰী অসামৰিক চিকিৎসালৈ আনে যদিও তেওঁক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰলৈ প্ৰেৰণ কৰে। ইতিমধ্যে নামতোলা আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত মহিলাগৰাকীক আটক কৰিছে।

Post a Comment

Previous Post Next Post