হিৰো ইণ্ডিয়ান ছুপাৰ লীগৰ দ্বিতীয়খন মেচতো শেষ ৰক্ষা নহ'ল নর্থ ইষ্ট ইউনাইটেডৰ


 

নর্থ ইষ্ট ইউনাইটেডে চলিত হিৰো ইণ্ডিয়ান ছুপাৰ লীগ (ISL)ৰ নিজৰ দ্বিতীয়খন মেচত পৰাজয়ৰ সন্মুখীন হৈছে। আজি সৰুসজাই ক্রীড়া প্রকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত দলৰ ছিজনৰ প্ৰথমখন ঘৰুৱা মেচত বিগত বৰ্ষৰ চেম্পিয়ন হায়দৰাবাদ এফ চিৰ হাতত ৩-০ত পৰাস্ত হয়।


দুখন মেচত মুঠ চাৰিটা গ’ল হজম কৰিলে নর্থ ইষ্ট ইউনাইটেডে। ইয়াৰ পূর্বে বাংগালুৰু এফ চিয়ে ১-০ গ’লত পৰাস্ত কৰিছিল নর্থ ইষ্ট ইউনাইটেডক। উল্লেখ্য যে আজি গুৱাহাটীত নর্থ-ইষ্ট ইউনাইটেডে নিজৰ ৫০ নম্বৰ মেচখন খেলে।

ইফালে, ছিজনৰ প্রথম মেচখনত মুম্বাই চিটীৰ লগত পইন্ট ভগাই লোৱা হায়দৰাবাদে আজি কোনো ভুল কৰা নাছিল। খেলৰ ১৩ মিনিটতে অ’গবেচে গ'ল কৰি হায়দৰাবাদক ১-০ ৰ অগ্রগতি দিয়ে আৰু বিৰতিলৈ আগুৱাই ৰাখে। উল্লেখ্য যে অ’গবেচে নর্থ ইষ্টৰে পূর্বৰ ষ্ট্ৰাইকাৰ আছিল।

দ্বিতীয়ার্ধৰ খেল আৰম্ভ হোৱাত হায়দৰাবাদে পেনাল্টী লাভ কৰিছিল যদিও অ’গবেচেৰ শ্বট ঘৰুৱা দলৰ গ'লৰক্ষক অৰিন্দম ভট্টাচার্যই (৫৩ মিনিট) ৰক্ষা কৰি দলক উদ্ধাৰ কৰে। কিন্তু ৬৯ মিনিটত অসম সন্তান তথা ভাৰতীয় ষ্ট্ৰাইকাৰ হলীচৰণ নাৰ্জাৰীয়ে গ’ল কৰি হায়দৰাবাদৰ অগ্রগতি ২-০ কৰে।

আনহাতে ৭১ মিনিটত জেভিয়াৰৰ স্থানত প্ৰৱেশ কৰিয়েই সতীর্থ হলীচৰণৰ পৰা বল লাভ কৰি গ'ল কৰে ব’র্জা হাৰাৰে। হায়দৰাবাদে অগ্রগতি লাভ কৰে ৩-০ত |উল্লেখ্য যে নর্থ-ইষ্ট ইউনাইটেডে পৰৱৰ্তী মেচখনত ২০ অক্টোবৰত সৰুসজাই ক্রীড়া প্রকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছু ষ্টেডিয়ামত কলকাতাৰ ইষ্ট বেংগলৰ মুখামুখি হ'ব।

Post a Comment

Previous Post Next Post