মহাৰাষ্ট্ৰৰ নাছিকত ট্ৰাকৰ সৈতে হোৱা সংঘৰ্ষত বিলাসী বাছত ভয়ংকৰ অগ্নিকাণ্ড



মহাৰাষ্ট্ৰৰ নাছিকত আজি পুৱতি নিশা এক শোকাৱহ ঘটনা সংঘটিত হয়। নাছিক আৰক্ষীৰ এক সূত্ৰ অনুসৰি পুৱতি নিশা নাছিক-ঔৰঙ্গাবাদ পথত এখন ট্ৰাকৰ সৈতে এখন বিলাসী বাছৰ সংঘৰ্ষ হয়। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে সংঘৰ্ষৰ পিছত বাছখন ৫০-৬০ ফুট আগলৈ বাগৰি পৰে আৰু লগে লগে বাছখনত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। এই অগ্নিকাণ্ডত কমেও ১০ জন লোক নিহত হয়। ঘটনাৰ খবৰ পোৱাৰ মাত্ৰকেই অগ্নিনিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে যদিও তেতিয়ালৈকে কেইবাজনো লোকে জুইত প্ৰাণ হেৰুৱাইছিল। কিছুমান যাত্ৰীয়ে নিজৰ জীৱন বচাবলৈ বাছৰ পৰা জঁপিয়াই পৰাৰো চেষ্টা কৰিছিল।

উল্লেখ্য যে, মৃত লোক তথা আঘাতপ্ৰাপ্ত লোকসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়। নাছিক আৰক্ষীয়ে জনোৱা মতে তেওঁলোকে এতিয়াও চিকিৎসকৰ দ্বাৰা মৃত্যুৰ সঠিক সংখ্যা জানিবলৈ চেষ্টা কৰি আছে। আৰক্ষীয়ে লগতে জনায় যে দুৰ্ঘটনাটো আজি ৰাতিপুৱা প্ৰায় ৫ বাজি ১৫ মিনিটত সংঘটিত হৈছিল। আহত কিছুলোকৰ অৱস্থা গুৰুত্বৰ হোৱা হেতুকে মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।


জানিব পৰা মতে, যৱতমালৰ পৰা মুম্বাইলৈ গৈ থকা বিলাসী বাছখনত প্ৰায় ৩০-৩২ জন লোক আছিল। 

Post a Comment

Previous Post Next Post