মাজুলীৰ তেজস্বিতাৰ মৃত্যুৰ পিছত এইবাৰ শদিয়াত উন্মোচিত হৈছে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ আচল স্বৰূপ। শেহতীয়াকৈ শদিয়াৰ এক দৃশ্য পোহৰলৈ আহিছে য'ত তিনিজন যুৱকে এখন ঘোঁৰাগাড়ীত টানি টানি এজন বয়োজ্যেষ্ঠ ৰোগীক চিকিৎসাৰ বাবে লৈ গৈছে। মৃত্যুঞ্জয় এম্বুলেন্স সেৱাৰ পৰা বঞ্চিত এই দৃশ্য হৈছে শদিয়া অমৰপুৰৰ ১নং নেপুং গাঁৱৰ।
উল্লেখ্য যে, মাজুলীৰ প্ৰতিসম্পন্ন উদীয়মান শিল্পী তেজস্বীতাৰ মৃত্যুৰ পিছতে মাজুলীত উবুৰি খাই পৰে অসমৰ স্বাস্থ্য বিভাগ। মাত্ৰ কেইঘণ্টামানৰ ভিতৰতেই তিনিখনকৈ চৰকাৰী এম্বুলেন্স ব্যৱস্থা কৰিছে। কিন্তু শদিয়াৰ ভিতৰুৱা অঞ্চলবাসীৰ মৰ্মবেদনা কোনে উপলব্ধি কৰিব সেইয়াহে এই সময়ত এক বৃহৎ প্ৰশ্ন হৈ পৰিছে। জানিব পৰা মতে, শদিয়াৰ অমৰপুৰৰ ১নং নেপুং গাঁৱত এনেদৰেই শৰ্যাগত ৰোগী, প্ৰসূতি মাতৃক চিকিৎসালয়লৈ লৈ যোৱা হয়।
মন কৰিবলগীয়া কথা যে, অঞ্চলটোত এখন ৪০ খন বিচনাযুক্ত চিকিৎসালয় আছে যদিও বছৰ ধৰি চিকিৎসালয়খনত নাই কোনো চিকিৎসক অথবা নাৰ্চ। যাৰবাবে অঞ্চলবাসী ৰাইজে চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈ আহিবলগীয়া হৈছে। প্ৰায় ২০-২৫ কিলোমিটাৰ দুৰ্গম বোকা পানীৰ ৰাস্তাৰে এইদৰে এখন টনা গাড়ীৰে ৰোগীক ছেপাখোৱা চিকিৎসালয়লৈ লৈ যাবলগীয়া হয়। কিন্তু ইমানৰ পিছতো স্থানীয় বিধায়ক তথা চৰকাৰে গুৰুত্ব নিদিয়াৰো অভিযোগ উত্থাপন হৈছে। গতিকে অমৰপুৰত থকা ৪০খন বিচনাযুক্ত স্বাস্থ্যকেন্দ্ৰত পৰ্য্যাপ্ত চিকিৎসক তথা নাৰ্চৰ নিযুক্তি দিয়াৰ ব্যৱস্থা নকৰিলে অঞ্চলটোৰ পৰা মাজুলীৰ দৰে দু-সংবাদ যে নাহিব সেইটো নুই কৰিব নোৱাৰি।
Tags:
National