উত্তৰ-পূৱ সীমান্ত ৰে'লৱেই উৎসৱৰ বাবে ভিৰৰ সময়ত যাত্ৰীসকলৰ সুবিধাৰ্থে কাটিহাৰ-অমৃতসৰ-কাটিহাৰৰ মাজত আন এখন উৎসৱ বিশেষ ৰে'ল চলাবলৈ সিদ্ধান্ত লৈছে। এক প্ৰেছ বিজ্ঞপ্তিযোগে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সব্যসাচী দে'ই সংবাদ মাধ্যমক এই কথা জানিবলৈ দিয়ে। বিজ্ঞপ্তিটোত উল্লেখ কৰা মতে এই উৎসৱ বিশেষ ৰে'লখন উভয় দিশত দুটাকৈ ট্ৰিপৰ বাবে চলাচল কৰিব।
উৎসৱ বিশেষ ৰে'ল নং ০৪৬৮০ (অমৃতসৰ- কাটিহাৰ) ২২ অক্টোবৰ আৰু ২৭ অক্টোবৰ, ২০২২ তাৰিখে ৮ বাজি ১০ মিনিটত অমৃতসৰৰ পৰা যাত্ৰা আৰম্ভ কৰি পিছদিনা বিয়লি ৪ বাজি ৩০ মিনিটত কাটিহাৰত উপস্থিত হ’বগৈ। আনহাতে উৎসৱ বিশেষ ৰে'ল নং ০৪৬৭৯ (কাটিহাৰ-অমৃতসৰ) ২৩ অক্টোবৰ আৰু ২৮ অক্টোবৰ, ২০২২ তাৰিখে নিশা ৮ বজাত কাটিহাৰৰ পৰা যাত্ৰা আৰম্ভ কৰি যাত্ৰাৰ তৃতীয় দিনা পুৱা ৪ বাজি ৩০ মিনিটত অমৃতসৰত গৈ উপস্থিত হ’ব।
উভয় দিশত যাত্ৰাৰ সময়ত উৎসৱ বিশেষ ৰে'লখন বাৰাউনি জংছন, গোৰখপুৰ, মোৰাদাবাদ আৰু লুধিয়ানা জংছন হৈ চলাচল কৰিব। ৰে'লখন ২ টা এচি থ্ৰি টায়াৰ, ১১ টা শ্লীপাৰ শ্ৰেণী, ৯ টা সাধাৰণ শ্ৰেণীৰ ডবা আৰু ২ খন লাগেজ ভেনৰ সৈতে চলাচল কৰিব।
ইয়াৰ লগতে, যাত্ৰীৰ পৃষ্ঠপোষকতা কম হোৱাৰ বাবে ৰে'ল নং. ৫২৫৩৯/৫২৫৩৮ (নিউ জলপাইগুড়ী – দাৰ্জিলিং – নিউ জলপাইগুড়ী) এচি যাত্ৰীবাহী ৰে'লখন ২৯ অক্টোবৰ, ২০২২ৰ পৰা ১৬ ডিচেম্বৰ, ২০২২ লৈ বাতিল থাকিব।
এই ৰে'লখনৰ ষ্টপেজ আৰু সময়সূচীৰ বিস্তৃত বিৱৰণ আইআৰচিটিচি ৱেবছাইটত উপলব্ধ থকাৰ লগতে বিভিন্ন বাতৰি কাকত আৰু উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মতো প্ৰকাশ কৰা হৈছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে বিস্তৃত তথ্যসমূহ অৱলোকন কৰিবলৈ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীৰ তৰফৰ পৰা অনুৰোধ জনোৱা হৈছে।

Tags:
National