বগা বাঘৰ সৈতে প্ৰাতঃভ্ৰমণ মন্ত্ৰী ৰঞ্জিত দাসৰ, ফেচবুকযোগে দিলে ইয়াৰ বতৰা

 


প্ৰাতঃভ্ৰমণ কৰাটো মন্ত্ৰী ৰণজিৎ দাসৰ এক এৰাব নোৱৰা অভ্যাস। তেওঁ প্ৰায়ে প্ৰাতঃভ্ৰমণৰ বিষয়ে উল্লেখ কৰি সামাজিক মাধ্যমত ফটো পোষ্ট কৰে। য'তেই নাথাকক মন্ত্ৰীগৰাকীয়ে প্ৰাতঃভ্ৰমণ কৰে।


কিন্তু এইবাৰৰ প্ৰাতঃভ্ৰমণ আছিল অলপ বেলেগ। এইবাৰৰ প্ৰাতঃভ্ৰমণৰ সময়ত বাঘৰ সৈতে খোজ মিলাই তেওঁ। সম্প্ৰতি গুজৰাত ভ্ৰমণত থকা মন্ত্ৰীগৰাকীয়ে গুজৰাটত প্ৰাতঃভ্ৰমণ কৰাৰ সময়ত এটা বাঘৰ সৈতে খোজ কাঢ়ে।

এই বিষয়ে তেওঁ ফেচবুক পোষ্টযোগে লিখিছে– ''গুজৰাটৰ Sardar Patel Zoological Parkত আজি বাঘৰ সৈতে খোজত খোজ মিলাই কিছু আমোদ লাভ কৰোঁ৷ পুৱাৰ সম্ভাষণ জনাই সকলোকে এটি নতুন দিনলৈ স্বাগতম জনাইছোঁ৷ আজিৰ দিনটো আপোনালোকৰ শুভ হওক আৰু মংগলময় হওক৷ প্ৰাতঃভ্ৰমণ।''উল্লেখ্য, বাঘৰ লগত প্ৰাতঃভ্ৰমণ কৰিলেও ই বিপজ্জনক নাছিল। বাঘ আৰু মন্ত্ৰীৰ মাজত আছিল এখন গ্লাছ। গ্লাছৰ নিৰাপত্তাৰ মাজত হ'লেও এই পোষ্টে ছ'চিয়েল মিডিয়াত বেছ চৰ্চা লাভ কৰে।

Post a Comment

Previous Post Next Post