তীব্ৰ বেগী ট্ৰাকৰ খুন্দাত থিতাতে নিহত বাইক আৰোহী। ক্ষেত্ৰী থানাৰ অন্তৰ্গত বামফৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাটো। AS 18 C1291 নম্বৰৰ তীব্ৰবেগী ট্ৰাকে মহটিয়াই থৈ যায় AS 01BG 9594 নম্বৰৰ বাইকখনৰ চালকক।
বাইকখনক খুন্দিয়াই কিছু দূৰলৈ চোঁচৰাই লৈ যায় ট্ৰাকখনে। মৃত বাইক আৰোহীজন মালিগাঁওৰ পুলক ৰুদ্ৰৰ পুত্ৰ কুনাল ৰুদ্ৰ বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত উপস্থিত হৈ ক্ষেত্ৰী আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
Tags:
National
