মৰিয়নিত ভেকচিন লোৱাৰ পিছতে কৰুণ মৃত্যুক সাৱটিলে শিশুৱে। শিশুৰ মৃত্যুৰ এই ঘটনা মৰিয়নিৰ ৰণখামৰ এটা চৰকাৰী ভেকচিন শিবিৰত দিয়া হৈছিল এই ভেকচিন।
মৃত শিশুটি চেলেং চাহ বাগিচাৰ এটি ২ মহীয়া কন্যা শিশু আছিল। পৰশুৰাম কৰ্মকাৰ আৰু দেবাৰী কৰ্মকাৰৰ সন্তানটি ভেকচিন লৈ অসুস্থ হৈ পৰে আৰু কিছু সময় পিছত মৃত্যুমুখত পৰে। ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ লগতে শোকাকুল পৰিৱেশৰ সৃষ্টি হয়।
দুখীয়া পৰিয়ালৰ সন্তানটিৰ মৃত্যু সন্দৰ্ভত পিতৃয়ে কয়– বেজী দিয়াৰ আগতে সবল–সুস্থ হৈ আছিল, কিন্তু বেজীৰ বাবেই মৃত্যুমুখত পৰিল। উল্লেখ্য, ৰাজ্যত চৰকাৰী ভেকচিন লোৱাৰ পিছত শিশুৰ মৃত্যুৰ ঘটনা কেইবাবাৰো সংঘটিত হৈছে।
