মৰিয়নীৰ গাভৰু পৰ্বতৰ লক্ষ্মী মন্দিৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ঐতিহাসিক লক্ষ্মী পূজা


 

আজি লক্ষ্মী পূজা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধন, ঐশ্বৰ্য্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীক সকলোৱে পূজা আৰাধনা কৰিছে। যোৰহাট জিলাৰ মৰিয়নী সমষ্টিৰ অন্তৰ্গত গাভৰু পৰ্বতত অৱস্থিত লক্ষ্মী মন্দিৰৰ প্ৰাংগণতো আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ঐতিহাসিক লক্ষ্মী পূজাৰ আয়োজন ইতিমধ্যে সম্পূৰ্ণ কৰি তোলা হৈছে। চিৰবিনন্দীয়া পৰিৱেশৰ মাজত আয়োজন কৰা গাভৰু পৰ্বতৰ লক্ষ্মী পূজা সম্প্ৰতি পৰ্যটকৰ আকষৰ্ণথলী হৈ পৰিছে। ইতিমধ্যে সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰা ইতিহাস প্ৰসিদ্ধ লক্ষ্মী পূজাভাগে এইবাৰ সত্তৰ বছৰত ভৰি দিব। শাৰদীয় পূৰ্ণিমাৰ নিশা লক্ষ্মীক বেদীত প্ৰতিষ্ঠা কৰাৰ লগে লগে আৰম্ভ হ'ব গাভৰু পৰ্বতৰ ঐতিহাসিক পূজাভাগ।


আনহাতে আজি নিশা দেৱীক বেদীত প্ৰতিষ্ঠা কৰা হ’ব যদিও ১০ অক্টোবৰৰ দিনাহে অতীতৰ পৰা চলি অহা পৰম্পৰা অনুসৰি মূল পূজা অনুষ্ঠিত হ’ব। উল্লেখ্য যে, ইতিহাসপ্ৰসিদ্ধ গাভৰু পৰ্বতৰ লক্ষ্মীপূজা সমগ্ৰ উত্তৰ-পূৱ ভাৰতৰ ভিতৰতে অন্যতম জাগ্ৰত পূজা হিচাপে পৰিচিত তথা সমাদৰ লাভ কৰিছে। এই পূজাৰ মৃন্ময় মূৰ্তিৰ আগত এপাহি ফুল, এগছি বন্তি, ধূপ-ধূনাৰ নৈবদ্য আগবঢ়ালে সকলো মনোবাঞ্চা পূৰ্ণ হয় বুলি থকা জনবিশ্বাসৰ পৰিপ্ৰেক্ষিতত মূল পূজাৰ দিনা অৰ্থাৎ লক্ষ্মী পূজাৰ দ্বিতীয় দিনটোৰ সন্ধিয়া ভাগত শদিয়াৰ পৰা ধুবুৰীলৈকে অসমৰ বিভিন্ন জিলাৰ উপৰি ৰাজ্যৰ বাহিৰৰ ঠাইৰ পৰাও বহু ভক্তৰ আগমন ঘটে। জন প্ৰবাদ অনুসৰি গাভৰু চাহ বাগিচাত পূৰ্বতে পৰিচালক হিচাপে থকা যুগল কিশোৰ শৰ্মা নামৰ এজন লোকক সপোনত লক্ষ্মী দেৱী আৱিৰ্ভাব হৈ গাভৰু পৰ্বতত লক্ষ্মী পূজা পাতিবলৈ নিৰ্দেশ দিছিল। সেই সপোন দেখাৰ পিচতে ১৯৫২ চনৰ পৰা যুগল শৰ্মাৰ তৎপৰতাত আৰম্ভ হয় গাভৰু পৰ্বতৰ লক্ষ্মীপূজা।

এই পূজাত বাহ্যিক আড়ম্বৰতাতকৈ আধ্যাত্মিকতাক গুৰুত্ব প্ৰদান কৰি আধুনিক আলোকসজ্জা আৰু কাৰিকৰী চমক অবিহনে যথাবিহিত ৰীতি-নীতিৰ মাজেৰে লক্ষ্মী দেৱীৰ অৰ্চনা কৰি অহা হৈছে। এই পূজাত লক্ষ্মী প্ৰতিমাৰ মুখমণ্ডলত এক স্বকীয় বিশেষত্ব বিৰাজমান, যি বিশেষত্ব অতীতৰ পৰা বৰ্তমানলৈকে সলনি হোৱা নাই আৰু সলনি কৰাৰো সাহস কোনেও কৰা নাই। ঐতিহাসিক এই পূজা গাভৰু চাহ বাগিছা কৰ্তৃপক্ষৰ লগতে ৰাজ্যৰ বাহিৰৰ কেইজনমান নিদিৰ্ষ্ট ব্যক্তিৰ ব্যক্তিগত বৰঙণিৰে পালিত হৈ আহিছে। উদযাপন সমিতিয়ে এক বিবৃতিত শান্তিপূৰ্ণ পূজা সমাপনৰ বাবে ৰাইজৰ সহযোগিতা কামনা কৰিছে। মৰিয়নী আৰক্ষীয়ে যান-জঁট নিয়ন্ত্ৰণৰ বাবে বিশেষ ব্যৱস্থাও গ্ৰহন কৰিছে।

Post a Comment

Previous Post Next Post