চীন অভিমুখী পথত ইৰাণৰ এখন যাত্ৰীবাহী বিমানত ভাৰতৰ আকাশমাৰ্গৰ ওপৰেৰে বোমাৰ ভাবুকিৰ খবৰ পোৱা গৈছে। সূত্ৰ অনুসৰি, প্ৰথম অৱস্থাত এলাৰ্ট বাজি উঠাৰ লগতে পঞ্জাৱ আৰু যোধপুৰৰ পৰা অহা আই এ এফ ছু-৩০ এম কে আই যুঁজাৰু বিমানখনে সন্দেহজনক বিমানখনক বাধা দিবলৈ চেষ্টা কৰিছিল।
ইৰাণৰ বাহক মাহান এয়াৰৰ দ্বাৰা পৰিচালিত এয়াৰবাছ এ৩৪০ বিমানখনে ৩২০ৰ পৰা ৪৭৫ জন যাত্ৰীৰ ক্ষমতাৰে ইৰাণৰ তেহৰানৰ পৰা আহিছিল আৰু চীনৰ গুৱাংঝৌৰ পথত আছিল। জানিব পৰা মতে, মহান এয়াৰৰ বিমানখনে দিল্লী বিমানবন্দৰ এ টি চিৰ সৈতে যোগাযোগ কৰিছিল বিমান সংস্থাটোৱে। বোমা বিস্ফোৰণৰ ভাবুকি লাভ কৰি তৎকালীনভাৱে দিল্লীত অৱতৰণ কৰিবলৈ আহ্বান জনাইছিল।
মহান এয়াৰৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই দিল্লী এটিচিয়ে বিমানখনক জয়পুৰত জৰুৰীকালীন অৱতৰণ কৰিবলৈ পৰামৰ্শ দিছিল যদিও বিমানৰ পাইলটে বিমানখন ডাইভাৰ্ট কৰিবলৈ অস্বীকাৰ কৰি ভাৰতীয় আকাশমাৰ্গ এৰি যোৱাৰ খবৰ পোৱা গৈছে। বিমানখনকো চণ্ডীগড়তো অৱতৰণ কৰাৰ বাবে আন এটা বিকল্প দিয়া হৈছিল বুলি জানিব পৰা গৈছে।
ভাৰতীয় বায়ুসেনাৰ সূত্ৰ অনুসৰি, ভাবুকিৰ বিষয়ে তথ্য লাভ কৰাৰ পিছত আই এ এফৰ জেট বিমানকেইটাত স্ক্ৰেম্বল কৰা হৈছিল আৰু তেওঁলোকে এছ অ’ পি অনুসৰি নিৰাপদ দূৰত্ব বজাই ৰাখি বিমানখনৰ পিছে পিছে গৈছিল। কিন্তু ইৰাণৰ সংস্থাই আই এ এফক এই ভাবুকিক অৱজ্ঞা কৰিবলৈ কোৱাৰ পিছতে বিমানখনক চীন অভিমুখে উৰণ অব্যাহত ৰাখিবলৈ অনুমতি দিয়া হয়। আই এ এফে লগতে কয় যে ভাৰতীয় আকাশমাৰ্গ এৰি যোৱা পৰ্যন্ত জেট বিমানসমূহে যাত্ৰীবাহী বিমানখনক নিবিড়ভাৱে অনুসৰণ কৰি থাকিল।
Tags:
National
